প্ৰতিবিম্ব লাইভৰ সাংবাদিক মধুস্মিতা আচাৰ্যৰ মাতৃৰ বিয়োগ

 06/29/2019 - 20:52

গুৱাহাটীঃ প্ৰতিবিম্ব লাইভৰ সাংবাদিক মধুস্মিতা আচাৰ্যৰ মাতৃ ৰীণা আচাৰ্যই দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে বিয়লি ৩ বজাত মৃত্যুক আঁকোৱালি লয়৷ ১৯৫৬ চনৰ ১৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা সৰবৰহী মহিলাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৩ বছৰ৷

জু-ৰোড তিনিআলিৰ ভাস্কৰ নগৰ নিৱাসী ৰীণা আচাৰ্যক মঙলবাৰে সন্ধিয়া শাৰীৰিক অসুস্থতা বৃদ্ধি পোৱাৰ হেতু গীতানগৰস্থিত কেজিএমটি হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল৷ চিকিৎসাধীন অৱস্থাতে আজি শ্বাস-প্ৰশ্বাসত কষ্ট পাই তেওঁ মৃত্যুক সাৱটি লয়৷

কন্যা মধুস্মিতাৰ উপৰিও স্বামী, এগৰাকী জ্যেষ্ঠ কন্যা, জোঁৱাই আৰু নাতিক তেওঁ ইহসংসাৰত এৰি থৈ গৈছে৷ অতিথিপৰায়ণা, মৃদুভাষী ৰীণা আচাৰ্যৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।