06/29/2019 - 20:54
in
বৰপেটাঃ বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে বৰপেটা অঞ্চলৰ নৈ উপনৈসমূহ। বৰপেটা জিলাৰ পহুমাৰা- কালদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন অঞ্চল। ইয়াৰ ফলত একপ্ৰকাৰ যাতায়ত বিচ্ছিন্ন হৈ পৰিছে কয়াকুছি ভক্তৰদবা সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত লোকসকলৰ।
ঠায়ে ঠায়ে পথৰ ওপৰেৰে নিগৰিছে পানী, যাৰ ফলত যাতায়ত বন্ধ হৈ পৰিছে ভক্তৰডবা-কয়াকুছি পথত। পথছোৱাৰ অধিকাংশই এতিয়া পানীৰ তলত। দুই এটা স্থানত ছিগি যোৱাৰ উপক্ৰম হৈছে মথাউৰি। বাঢ়নী পানীয়ে বুৰাই পেলাইছে কয়াকুছি ভক্তৰডবা অঞ্চলৰ কেইবাশতাধিক ফিচাৰীৰ লগতে বিস্তৃত খেতিপথাৰ। আবতৰীয়া বানৰ ফলত মৎস্যজীৱী আৰু কৃষিজীৱী লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।