ডবকাঃ ২০২১ ত অসমত পুনৰ গঠন হ’ব কংগ্ৰেছৰ চৰকাৰ৷ কংগ্ৰেছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত মিছন ৮০+ লক্ষ্যৰে কামত আগবাঢ়িব৷ এই মন্তব্য অসম বিধানসভাৰ কংগ্ৰেছৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ৷ হুছেইনৰ মতে বিজেপিৰ দিনত অসমত উন্নয়ন স্থবিৰ হৈছে৷ মানুহৰ মাজত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি হৈছে৷
কংগ্ৰেছৰ দিনত ভাষিক সংখ্যালঘুসকল আটাইতকৈ বেছি নিপীড়িত হৈছে বুলিও ৰকিবুল হুছেইনে মন্তব্য কৰে৷ ৰকিবুল হুছেইনে নিজৰ মন্তব্যত বিদেশীৰ নামত কেনেকৈ ভাষিক সংখ্যালঘুসকল নিৰ্যাতিত হৈছে সেই সম্পৰ্কেও বক্তব্য ৰাখে৷ নগাঁও লোকসভাৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে আজি ডবকাত বিন্নাকান্দি ব্লক কংগ্ৰেছৰ উদ্যোগত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷
বিন্নাকান্দি ব্লক কগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত সাংসদ প্ৰদ্যুৎ বৰদলৈক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়৷ বিন্নাকান্দি ব্লক কংগ্ৰেছ সমিতিৰ হৈ ৰেহান উদ্দিন, আব্দুল হান্নান আৰু বুৰহান উদ্দিন লস্কৰে সাংসদগৰাকীক ফুলাম জাপি, গামোচা, শৰাইৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিন্নাকান্দি ব্লক কংগ্ৰেছৰ অধীনৰ মহিলা কংগ্ৰেছৰ হৈ ৰহিমা বেগম সহ ২৪ টা মণ্ডল সমিতিয়ে সাংসদগৰাকীক সম্বৰ্ধনা জনায়৷
একেখন সভাত বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতি ফৰিজ আহমেদ লস্কৰ, নীলবাগান জিলা পৰিষদৰ সদস্য নেৱাজ চৌধুৰী, ডবকা জিলা পৰিষদৰ সদস্য নুৰ আহমেদেও সাংসদগৰাকীক সম্বৰ্ধনা জনায়৷ ডবকা কৰ্ডবা এংলো-এৰাবিক স্কুলৰ ছাত্ৰৰ দ্বাৰা পৰিৱেশিত দেশপ্ৰেমমূলক গীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়৷
সভাখনত নৱ নিৰ্বাচিত সাংসদগৰাকীক ডবকা নাগৰিক সমাজৰ হৈ অধ্যাপক ৰশীদ আহমেদ, ডবকাৰ বিশিষ্ট ব্যৱসায়ী বেণী মাধৱ ঘোষেও সাংসদগৰাকীক সম্বৰ্ধনা জনায়৷ সাংসদগৰাকীক হোজাই জিলা এনএছইউআইৰ সভাপতি মেহবুব আহমেদ বৰভূঞা, যুৱ কংগ্ৰেছৰ আজহাৰুল ইছলামে সম্বৰ্ধনা জনায়৷
সভাখনত সাংসদগৰাকীৰ পত্নী ৰাণী বৰদলৈ, অসম বিধানসভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দে, প্ৰাক্তন বিধায়ক স্বপন কৰ, কংগ্ৰেছ নেতা বসিৰ উদ্দিন লস্কৰ, মাহমুদ হুছেইনসহ বহু কেইহৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই অংশ লয়৷