লেখিকা বিন্দেশ্বৰী হাজোৱাৰীলৈ লাৱন্য হাজৰিকা আদৰ্শ মাতৃ বঁটা

 06/29/2019 - 21:28

কোকৰাঝাৰঃ অসম লেখিকা সন্থাৰ "একাদশ লাৱন্য হাজৰিকা আদৰ্শ মাতৃ বঁটা" প্ৰদান কৰা হয় কোকৰাঝাৰৰ এগৰাকী সমাজ সেৱিকা, লেখিকা, আদৰ্শ মাতৃ বিন্দেশ্বৰী হাজোৱাৰীক। আজি কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে উক্ত বঁটা প্ৰদান কৰা হয়৷ উল্লেখ্য যে যোৱা ২০০৯ চনৰ পৰা প্ৰতি বছৰে অসমৰ সমাজ জীৱনত সু-ব্যক্তিত্বৰে প্ৰভাৱ বিস্তাৰ কৰা এগৰাকী আদৰ্শৱান সু-মাতৃক সন্মান তথা স্বীকৃতি জনোৱাৰ উদ্দেশ্যে আদৰ্শৱান নাৰী তথা প্ৰেৰণাদায়ক আদৰ্শ মাতৃ প্ৰয়াত লাৱন্য হাজৰিকাৰ স্মৃতিত "লাৱন্য হাজৰিকা আদৰ্শ মাতৃ বঁটা" প্ৰদান কৰি আহিছে।

সেয়ে এইবেলিও অৰ্থাৎ আজি নিৰু শৰ্মা পৰাজুলিৰ আদৰণি ভাষনেৰে আৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানত অসম লেখিকা সন্থাৰ সদস্যবৃন্দই সমৱেত হৈ সংগীত পৰিবেশন কৰাৰ লগতে মিলন প্ৰিয়া ব্ৰহ্ম আৰু দশমিকা নাৰ্জাৰীয়ে ভক্তিমূলক গীত পৰিৱেশন কৰে। অসম লেখিকা সন্থা আৰু লাৱন্য হাজৰিকা আদৰ্শ মাতৃ বঁটা অনুষ্ঠানত সভাপতিত্ব কৰে অসম লেখিকা সন্থাৰ সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্য্যই।

ইফালে বিন্দেশ্বৰী হাজোৱাৰীক লাৱন্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লেইচৰম লাধুসিঙে মাতৃ সম্পৰ্কে বিষদভাৱে বক্তব্য প্ৰদান কৰে। আদৰ্শময়ী মাতৃৰ নামত আগবঢ়োৱা এই বঁটাত আছে নগদ ধন, পত্ৰ, অংগবস্ত্ৰ আৰু সম্বৰ্ধনা পত্ৰ। মনকৰিবলগীয়া যে বঁটা লাভ কৰা বিন্দেশ্বৰী হাজোৱাৰী কোকৰাঝাৰৰ বাসিন্দা।

বিন্দেশ্বৰী হাজোৱাৰী কোকৰাঝাৰ আকাশবাণী নাট বিভাগত অস্থায়ী ঘোষিকাৰূপে সেৱা আগবঢ়োৱাৰ লগতে বঙাইগাঁৱৰ অসম জনজাতীয় কল্যাণ সমিতিৰ সদস্যা, বাথৌ মাইনাও শাখাৰ জিলা সভানেত্ৰী, সদৌ অসম বাথৌ মাইনাও শাখাৰ উপ-সভানেত্ৰী, সাহিত্য একাডেমীৰ অধীনত গঠিত বড়ো লেখক একাডেমিৰ কাৰ্যকৰী সদস্য হিচাপে সাহিত্য আৰু সমাজলৈ বৰঙণি যোগাই আহিছে।

আটাইকেইটা সন্তানক সুশিক্ষিত আৰু সংস্কৃতিৱানৰূপে গঢ়ি তোলা বিন্দেশ্বৰী হাজোৱাৰীয়ে সংসাৰৰ গুৰু দায়িত্ব পালনৰ সমান্তৰালভাৱে সাহিত্য চৰ্চাতো মনোনিবেশ কৰি আহিছে। অসমীয়া আৰু বড়ো ভাষাৰ বিভিন্ন আলোচনী সংবাদ পত্ৰত তেওঁৰ প্ৰৱন্ধ, কবিতা, শিশু কৱিতা প্ৰকাশ পাই আহিছে। মৈনানি চলো(মাইনাৰ কাহিনী), জিউনি মৌন্দাংথি (জীৱনৰ অনুভৱ) তেওঁৰ প্ৰকাশিত গ্ৰন্থ। বঁটা গ্ৰহণ কৰি বিন্দেশ্বৰী হাজোৱাৰীয়ে আনন্দ প্ৰকাশ কৰে।

আদৰ্শ মাতৃ প্ৰয়াত লাৱন্য হাজৰিকাৰ বিষয়ে বক্তব্য আগবঢ়ায় গুৱাহাটী এছ কে হাজৰিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ইভা হাজৰিকা আৰু কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জী ৰাণী শৰ্মাই৷ এগৰাকী আদৰ্শ মাতৃ আৰু সমাজ গঠনত মাতৃৰ ভূমিকা শীৰ্ষক বক্তৃতা প্ৰদান কৰে৷ বিন্দেশ্বৰী হাজোৱাৰীৰ বিষয়ে বক্তৃতা প্ৰদান কৰে ডঃ বনবীণা ব্ৰহ্মই। বিশিষ্ট অতিথি মৃণালিনী দেৱী, পদ্মশ্ৰী সুৰ্য হাজৰিকা আৰু ড: মংগলসিং হাজোৱাৰীয়ে বক্তৃতা প্ৰদান কৰা সভাত শলাগৰ শৰাই আগবঢ়ায় নিৰু শৰ্মা পৰাজুলিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।