মানকাচৰৰ পেচাৰকান্দিৰ পৰা দাগী আচামী আটক

 06/30/2019 - 12:28

মানকাচৰঃ মানকাচৰৰ আৰক্ষী থানাৰ অন্তৰ্গত পেচাৰকান্দিৰ পৰা দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা দাগী আচামী এজনক আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই যোৱা নিশা পেচাৰকান্দি গাঁৱৰ চিকিম শেখৰ পুত্ৰশাহা আলমৰ নামত যোৱা ২০১৪ চনত ২৭৯/৩৩৮/৩০৪ ধাৰাত জি আৰ গোচৰ ৩১৮২/১৪ নম্বৰ ৰুজু হৈছিল। তেতিয়াৰ পৰা শাহী আলমে আৰক্ষীৰ চকুত দি ধূলি দি আত্মগোপন কৰি আছিল।

নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পেচাৰকান্দিত অভিযান চলাই তেওঁক আটক কৰে। আজি দাগী আচামীজনক অধিক সোধপোছ কৰাৰ বাবে আৰক্ষী থানাত ৰাখিছে। কাইলৈ আচামীজনক জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষীয়ে সদৰী কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.