কাৰ্বি আংলংঃ বোকাজানত এগৰাকী শিক্ষকৰ নিৰ্লজ্জ কৰ্ম কাণ্ডৰ বাবেই বিদ্যালয় বাদ দিলে কিশোৰী ছাত্ৰীয়ে। বোকাজান থানাৰ অন্তৰ্গত DVN এম ই স্কুলৰ অংক আৰু বিজ্ঞান শিক্ষক তথা দুটি সন্তানৰ পিতৃ ইমদাদ আলীয়ে দুবছৰৰ আগতে অৰ্থাৎ ২০১৭ বৰ্ষত সপ্তম শ্ৰেণীৰ এই কিশোৰী ছাত্ৰীগৰাকীক কৰা যৌন নিৰ্যাতন চলোৱা বাবেই মেধাৱী ছাত্ৰীগৰাকীয়ে বিদ্যালয় বাদ দিয়ে।
বিদ্যালয়খনৰ হোষ্টেলত থাকি অধ্যয়ন কৰা কাৰ্বি আংলঙৰ ধনশিৰিৰ ডিমাছা ছাত্ৰীগৰাকীক পিতৃ-মাতৃয়ে বিদ্যালয়লৈ পঠিয়াবলৈ চেষ্টা কৰে যদিও ছাত্ৰীগৰাকী আহিবলৈ অমান্তি হয় আৰু বিদ্যালয়ৰ শিক্ষকজনৰ কৰ্ম কাণ্ডৰ কথা ভয়তে লুকুৱাই ৰাখে যদিও পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক পুনৰ শিক্ষা আৰম্ভ কৰিবলৈ বিদ্যালয়লৈ আহিবলৈ জোৰ কৰাত শিক্ষকজনৰ কু-কীৰ্তিৰ বিষয়ে জানিবলৈ দিয়ে।
এই সংক্ৰান্তত পৰিয়ালৰ লোকে বোকাজান থানাত এখন এজাহাৰ দাখিল কৰাত শনিবাৰে বিদ্যালয়খনৰ পৰা শিক্ষক ইমদাদ আলীক আটক কৰে। ছাত্ৰীগৰাকী বিদ্যালয়লৈ চুলি মেলি আহিবলৈ কোৱা, মেহেন্দি সনা হাতত ধৰি আঙঠি খুলি নিজে পিন্ধা, ছাত্ৰীগৰাকীক ভাল নাপালে অংক আৰু বিজ্ঞান বিষয়ত ফেইল কৰাই দিম বুলি কোৱা লম্পট শিক্ষক ইমদাদ আলী বৰ্তমান ৰঙা ঘৰৰ আলহী।