মঙলদৈঃ সন্মিলিত অসমীয়া সমাজৰ উদ্যোগত মঙ্গলদৈ সাহিত্য সভা ভৱনত কৃতি ছাত্র-ছাত্ৰী আৰু হজ যাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। ৩০ জনকৈ হজ যাত্ৰীৰ লগতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক স্থান পোৱা ছাত্ৰ-ছাত্ৰী আৰু সাহিত্যিক লক্ষ্মী নাৰায়ণ কোঁৱৰক সম্বৰ্ধনা জ্ঞাপন কৰে সন্মিলিত অসমীয়া সমাজ আৰু মঙলদৈ উন্নয়ন পৰিষদে।
সন্মিলিত অসমীয়া সমাজৰ সম্পাদক দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি হজ কমিটী অসমৰ কাৰ্যকৰী সভাপতি নেকিবুৰ জামানে হজ যাত্ৰীসকলে ল’ব লগীয়া ব্যৱস্থাসমূহৰ বিষয়ে সবিশেষ ব্যক্ত কৰে। লগতে চৰকাৰখনে হজ যাত্ৰীসকলৰ বাবে দিয়া গুৰুত্বক ভূয়সী প্ৰশংসা কৰে। চৰকাৰখনে হজ যাত্ৰীলৈ আগবঢ়োৱা সুবিধাখিনিৰ বাবেই তেওঁ BJP চৰকাৰক প্ৰশংসা কৰে।
আনহাতে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত হজ যাত্ৰীসকলে পাবলগীয়া সুবিধাৰ পৰাও বঞ্চিত হৈছিল বুলি তেওঁ সমালোচনা কৰে। অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী বসন্ত দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ঠ লোক উপস্থিত থাকে। উল্লেখযোগ্য যে যোৱা বছৰৰ দৰে এইবাৰো মদিনাত অসমীয়া গামোচাক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত প্ৰত্যেক গৰাকীয়ে হজ যাত্ৰীয়ে অসমীয়া গামোচা ব্যৱহাৰ কৰিব বুলি প্ৰকাশ কৰে।