মে’ মাহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

 03/18/2019 - 19:44

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে ছেবাই কৰিলে এক গুৰুত্বপূৰ্ণ ঘোষণা৷ লোকসভা নিৰ্বাচনৰ পিছতে ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ মে’ মাহত ঘোষণা কৰা হ’ব এই ফলাফল৷

২০১৮ৰ ফলাফলৰ ঘোষণা পলম হোৱাৰ ফলত যিদৰে ছাত্ৰ-ছাত্ৰী এক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পূৰ্বতকৈ সোনকালে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে ছেবা কৰ্তৃপক্ষই৷ পূৰ্বৰ ফলাফলতকৈ ১৫ দিনৰ পূৰ্বেই ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।