ৰঙিয়াঃ ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ সৌজন্যত আৰু কামৰূপ জিলা আৰক্ষী বিভাগৰ সহযোগত আজি আয়োজিত আইন সজাগতা আৰু মত বিনিময় সভা দিনযোৰা কাৰ্য্যসুচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানটিত উপস্থিত থাকে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ, অসমৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বি পি কটকী, আয়োগৰ সদস্য অৱসৰপ্ৰাপ্ত আইএএছ তপন চন্দ্ৰ শৰ্মা, আয়োগৰ সচিব অৱসৰপ্ৰাপ্ত এচিএছ দেৱ কুমাৰ নাথ, চিডব্লিউআৰ ডিআইজি, আইপিএছ ব্ৰজেনজিৎ সিং, শঙ্কৰ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, গৰিয়সী আলোচনীৰ উপ সম্পাদক অংকুৰ ডেকা।
আলোচনা কালত ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ, অসমৰ সভাপতি কটকীয়ে আৰক্ষীৰ বিষয়াসকলৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা, ব্যৱহাৰ, কৰ্তব্য আদিৰ ওপৰত বিতং আলোচনা কৰে। তেওঁ ৰাইজকো আইন সন্দৰ্ভত সজাগ কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।আয়োগৰ উদ্দেশ্য সন্দৰ্ভত কয় যে আৰক্ষীৰ কামকাজ আইন অনুসৰি কৰিছে নে নাই। এই বিষয়ে উপস্থিত নাগৰিক তথা বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলৰ আগত বিতংভাবে প্ৰকাশ কৰে।
ইয়াৰ উপৰি অধ্যক্ষগৰাকীয়ে আয়োগে কেনে ধৰণৰ অভিযোগ তদন্তৰ বাবে গ্ৰহণ কৰে? আৰক্ষীৰ আচৰণ কেনে হোৱা উচিতৰ লগতে আৰক্ষীৰ বিৰুদ্ধে কোনে, কেনেকৈ কত অভিযোগ দিব পাৰে? লগতে কেনেদৰে অভিযোগ দাখিল কৰিব পাৰি এইবোৰৰ ওপৰত বিতং ভাৱে বক্তব্য দাঙি ধৰে। লগতে কয় যে আৰক্ষীৰ বিৰুদ্ধে গুৰতৰ অসদাচৰণৰ অভিযোগ দাখিল কৰণ প্ৰক্ৰিয়াত মুক্তভাৱে সৰ্বাধিক ৰাইজৰ অংশগ্ৰহণেৰেহে আৰক্ষীৰ প্ৰশাসনিক সংস্কাৰ কৰা হ’ব বুলি কয়।
এই অনুষ্ঠানতে ৰাইজে আৰক্ষীৰ লগত মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানত কেইবাগৰাকী ৰাইজে আৰক্ষী বিষয়াক প্ৰশ্ন কৰে। সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, কৰ্মকৰ্তা, ৰাইজৰ উপৰি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথ, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাকে ধৰি আৰক্ষীৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।