বিশ্বকাপৰ বা-বতৰা

 06/30/2019 - 13:54

ডিজিটেল ডেস্কঃ শনিবাৰে আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯ ৰ দুখনকৈ অৰ্থাৎ ৩৬ সংখ্যক আৰু ৩৭ সংখ্যক মেচ অনুষ্ঠিত হৈ যায়। ৩৬ সংখ্যক মেচত পাকিস্তানে ৩ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে আফগানিস্তানক। প্ৰথমে বেট ধৰি আফগানিস্তানে ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই ২২৭ ৰান কৰে। আনহাতে পাকিস্তানে ৪৯.৪ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৩০ ৰান কৰি জয়ী হয়।

পাকিস্তানৰ ইমাদ ৱাচিমে ১০ অভাৰত ৪৮ ৰান দি ২ টা উইকেট দখল কৰে আৰু ৫৪ বলত ৪৯ ৰান কৰি নট আউট হয়। বেটে বলে উন্নত প্ৰদৰ্শন কৰা ইমদাদ ৱাচিমক মেন অৱ দ্য মেচৰ খিতাপ প্ৰদান কৰা হয়।

আনহাতে ৩৭ সংখ্যক মেচত অষ্ট্ৰেলিয়াৰ হাতত অতি শোচনীয় ভাৱে পৰাস্ত হয় নিউজিলেণ্ড। প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াই ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই ২৪৩ ৰান সংগ্ৰহ কৰে। আনহাতে নিউজিলেণ্ডে ৪৩.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৫৭ ৰান কৰে। ৮৬ ৰানৰ ব্যৱধানত জয়ী হয় অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ এলেক্স কেৰিয়ে ৭২ বলত ৭১ ৰান কৰি মেন অৱ দ্য মেচ হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।