মৰিয়নীত খোৱা পানীৰ বটলত ভেকুলী

 06/30/2019 - 13:58

মৰিয়নীঃ বিশুদ্ধ খোৱাপানীৰ নামত জনসাধাৰণক প্ৰকৃততে কি পানী খুৱাইছে পানী কোম্পানীসমূহে। বজাৰত সহজে উপলব্ধ পানী খাওঁতে সাৱধান হওক। বিশুদ্ধ পানী বুলি আপুনি বজাৰৰ পৰা কিনি অনা পানীয়ে হয়টো আপোনাৰ স্বাস্থ্যলৈ আনিব পাৰে ভয়ংকৰ ভাবুকি।

মৰিয়নীৰ চেলেংহাট টেঙাবাৰীৰ এটা তেল খাটৰ গৃহৰক্ষী জোৱানক আমগুৰিৰ এখন দোকানে দৈনিক যোগান ধৰা SPLASH নামৰ ২০ লিটাৰৰ পানী বটলৰ ভিতৰত জীৱন্ত আৰু মৃত ভেকুলী ওলোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। যোৰহাটৰ কালানী ফুড এণ্ড ব্ৰেভাৰ্চ ইণ্ডাষ্টীজ নামৰ কোম্পানীটোৰ দ্বাৰা পেকেজিং কৰা SPLASH নামৰ বেণ্ডটোৰ ২০ লিটাৰৰ পানী বটলত ওলাইছে জীৱিত আৰু মৃত ভেকুলী।

কোম্পানীৰ চিল মৰা অৱস্থাত এনে দৰে পানী বটলত ভেকুলী ওলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। প্ৰকৃততে এই কোম্পানীসমূহে ক’ৰ পৰা সংগ্ৰহ কৰে পানী। কোম্পানীসমূহে দাবী কৰাৰ দৰে পানী বিশুদ্ধকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি গ্ৰাহকক আভুৱা ভাৰি খাল বিলৰ পৰা সংগ্ৰহ কৰা পানী খুৱাই আহিছে নেকি এই পানী কোম্পানীসমূহে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

মৰিয়নীত পূৰ্বতেও পানী বটলত পোক আৰু শেলুৱৈ ওলোৱা কেইবাটাও ঘটনা ঘটিছে যদিও এই ক্ষেত্ৰত অসম চৰকাৰৰ এটা বিয়াগোম খাদ্য সুৰক্ষা বিভাগ আছে যদিও এই পানী পেকেজিং কোম্পানীসমূহৰ বিৰুদ্ধে আজি পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো ধৰণৰ দৃঢ় পদক্ষেপ।

এনে পানী পেকেজিং কৰা কোম্পানীসমূহ খাদ্য সুৰক্ষা বিভাগে নিয়মিত পৰিদৰ্শন কৰিব লাগে যদিও জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি পিঠি দি চৰকাৰী বিভাগীয় বিষয়া কৰ্মচাৰীসকল এই কোম্পানীসমূহৰ লগত গোপন বুজা-বুজিত ব্যস্ত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।