উত্তৰ গুৱাহাটী ভেটামুখত ৰাজহুৱা শ্মশান উন্মোচন

 06/30/2019 - 14:04

গুৱাহাটীঃ আজি উত্তৰ গুৱাহাটী ভেটামুখত ৰাজহুৱা শ্মশান উন্মোচন কৰা হয়। স্থানীয় যুৱক, সমাজ কৰ্মী জয়ন্ত বড়া, দিলীপ বড়াকে ধৰি গণ্য ব্যক্তিসকলৰ উদ্যোগত ১ বিঘা মাটিত শ্মশানখন নিৰ্মাণ কৰি উলিয়াইছে। শ্মশানখন সম্পূৰ্ণ ৰাজহুৱা দান-বৰঙণিৰদ্বাৰা নিৰ্মাণ কৰা হৈছে। শ্মশান উন্মোচনৰ ফলত ভেটামুখ গাঁৱৰ বাসিন্দাসকলৰ এটা দীৰ্ঘদিনীয়া অভাৱ দূৰ হয়। এই শ্মশান পৰিসৰতে শীঘ্ৰেই এটা কালি মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি গাওঁবাসীয়ে জানিবলৈ দিয়ে। শ্মশানখন নিৰ্মাণ কৰোতে এতিয়ালৈকে প্ৰায় ৪ লাখ ৮০ টকা খৰছ কৰা হৈছে।

পুৱা দহ বজাত অনুষ্ঠিত হোৱা উন্মোচনী সভাখন সঞ্চালনা কৰে ভেটামুখ বৰলাবাৰীৰ গাঁৱৰ গাওঁবুঢ়া বাবজান আলীয়ে। শ্মশানখন আনুষ্ঠানিকভাৱে মুকলি কৰে ভেটামুখ গাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক শ্মশান সমিতিৰ সভাপতি ৰাজেন বড়াই। উদ্ধােধনী অনুষ্ঠানত শৰাইঘাট পঞ্চায়তৰ আঞ্চলিক সদস্য ৰুণুমনি বেগম, যুৱ মৰ্চা বেজেৰা মণ্ডলৰ সভাপতি মানৱ বড়া, ৫৬ বুথৰ বিজেপিৰ সভাপতি আজগৰ আলী, সমাজসেৱিকা মুন দাস, উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ মুকুটেশ্বৰ গোস্বামী, কুলেন বড়ো ইত্যাদি গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পাছতে উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতি আৰু শ্মশান সমিতিয়ে শ্মশান চৌহদত গছ পুলি ৰোপন কৰে।

শেষত উদ্যোক্তা জয়ন্ত বড়াই ৰাইজক দান-বৰঙণি, সহায়-সহযোগিতা ও দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।