চুঙাজান সৰুপথাৰ সংযোগী গড়কাপ্টানি পথৰ দুৰৱস্থা

 06/30/2019 - 14:39

সৰুপথাৰঃ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ গ্ৰাম্যপথ সংমণ্ডলৰ অন্তৰ্গত চুঙাজান সৰুপথাৰ সংযোগী গড়কাপ্টানি পথটিৰ দুৰৱস্থাই জীয়াতু ভোগাইছে চুঙাজানবাসী ৰাইজক৷ পথটোৰ দুৰৱস্থাৰ বাবে যান-বাহন চলাচলত হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হৈছে৷ পথটোৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীসদৃশ গাঁতৰ৷ ৰাজপথটোৰ মাজত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতত লাগি ধৰিছে এখন মাল সৰবৰাহকাৰী ট্ৰাক৷

আন এখন শিল কঢ়িওৱা ডাম্পাৰে ঠেলি ঠেলি গাঁতৰ পৰা উঠাইছে ট্ৰাকখন৷ এইয়া মাত্ৰ এদিনৰ দৃশ্য নহয়৷ অতি ব্যস্ত আৰু অতি গুৰুত্বপূৰ্ণ সৰুপথাৰ চুঙাজান সংযোগী পথটোত এতিয়া দৈনিক সুলভ হৈ পৰিছে এনেবোৰ দৃশ্য৷ উল্লেখ্য যে উক্ত পথটোৱে হৈছে বৃহত্তৰ নাওজান, চুঙাজান, নাওঘাট, এম ভি, নখুঁটি আদি বৃহত্তৰ অঞ্চলৰ লগতে এই পথেৰেই কাৰ্বি আংলং জিলাৰ বোকাজান সৰিয়হজান খটখটী আদি অঞ্চলৰ লগতে নগালেণ্ডৰ ডিমাপুৰলৈ সংযোগ স্থাপন আৰু যাতায়ত কৰা হয়৷

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা অতি শোচনীয় হৈ পৰাত বিগত দুই তিনি বছৰৰ পৰা নগালেণ্ড, মনিপুৰলৈ এই পথেৰে দৈনিক শ শ যান-বাহন চলাচল কৰিবলৈ লোৱাত বৰ্তমান এই পথটো এটা অতি ব্যস্ত পথলৈ পৰিণত হৈছে৷ কিন্তু বহিঃৰাজ্যৰ লগত সংযোগ স্থাপন কৰা অতি গুৰুত্বপূৰ্ণ পথটোৰ এনে অৱস্থাই জীয়াতু ভোগাইছে পথাচাৰীক৷

বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত অত্যন্ত অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকলো৷ চুঙাজানবাসী ৰাইজে গড়কাপ্টানি বিভাগক পথছোৱা পুনৰ নিৰ্মাণ কৰিবৰ বাবে বহু আবেদন নিবেদন কৰিও সুফল লাভ নকৰাৰ অভিযোগ উঠিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।