বৰপেটাঃ বৰপেটা চহৰৰ অতি ঐতিহ্যমণ্ডিত খাদেমুল ইছলাম সমাজৰ তৰফৰ পৰা পবিত্ৰ মক্কা শ্বৰিফত হজ কৰিব যাব ওলোৱা লোকক বিদায়ী সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে বৰপেটা টাউন হাইস্কুলৰ অস্থায়ী প্ৰেক্ষাগৃহত বৰপেটাৰ বিশিষ্ট অধিবক্তা আব্দুল কায়েমৰ সভাপতিত্বত এক সভাৰ আয়োজন কৰা হয়। উক্ত সভাত খাদেমুল ইছলাম সমাজৰ মুৰব্বী সহিতে পবিত্ৰ হজলৈ যাব ওলোৱা ছয়জন ব্যক্তি উপস্থিত থাকে।
উক্ত সভাত হজযাত্ৰীসকলে পবিত্ৰ মক্কাত হজৰ সময়ত কি কৰিব লাগে এই সম্পৰ্কে বিষদ ব্যাখ্যা আগবঢ়ায় আলহাজ আতাউৰ ৰহমানে। এইবাৰ বৰপেটা খাদেমুল ইছলাম সমাজৰ অন্তৰ্গত ছয়জন হজযাত্ৰী হজলৈ বুলি ৰাওনা হ’ব। তেওঁলোক হ'ল ক্ৰমে বিশিষ্ট অধিবক্তা আব্দুল হামিদৰ লগতে সহধৰ্মিনী ৰুবিয়া বেগম, হামিদ আলী, ৰেজিনা ৰহমান, আলহাজ ছিৰাজুল হক আৰু শুকুৰ খান।
বৰপেটা খাদেমুল ইছলাম সমাজৰ তৰফৰ পৰা আটাইকে জায়নামাজ, এহৰাম, জুব্বা, টছবিহ, আতৰ, টুপী আৰু মহিলা দুজনীক হিজাব বোৰ্খা আৰু হজৰ যাৱতীয় সামগ্ৰীৰে সম্বৰ্ধনা জনায়। সভাৰ শেষত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়।