06/30/2019 - 14:54
in
লংকাঃ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰঙা ফোঁট ললে বুলিয়েই তেখেত সাত্বিক হৈ নাযায়।সম্প্ৰতি ছিণ্ডিকেটত জড়িত সৰ্বানন্দ সোণোৱাল চৰকাৰখন 'দিনত ৰামনাম আৰু ৰাতি মনে মনে কৰে বেয়া কাম’ কৰাৰ এখন চৰকাৰ হৈছেগৈ।
এই মন্তব্য কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। নগাঁও সংসদীয় সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে ২৯ জুলাই শনিবাৰে লংকাত ৰাজহুৱা ভাৱে অনুষ্ঠিত এক সম্বৰ্ধনা সভাত উপস্থিত থাকি এই মন্তব্য আগবঢ়ায়।
লামডিং সমষ্টিৰ উদালী ব্ল'ক কংগ্ৰেছৰ উদ্যোগত উদালী এমজি বিদ্যালয়ৰ সামূহিক ভৱনত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্ধনা সভাখনিত সাংসদগৰাকীৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুচেইনকে ধৰি সমষ্টিটোৰ দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।