আজি উত্তৰ-পূবলৈ ৰাহুল গান্ধী

 03/19/2019 - 11:43

ডিজিটেল ডেস্ক: দুদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূবত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী। নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অৰুণাচললৈ যাব অধ্যক্ষ গৰাকী। পুৱা ৯ বজাত তেওঁ দিল্লীৰ পৰা উপস্থিত হয়হি লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত। ব্লক কংগ্ৰেছ আৰু তৃণমূল কৰ্মীৰ সৈতে তেওঁ ইটানগৰত বৈঠকত মিলিত হ’ব।

অৰুণাচলৰ পৰা পোনে পোনে ৰাওনা হ’ব মণিপুৰলৈ।নিশা ইম্ফলত কটাই কাইলৈ বিশাল জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।মণিপুৰৰ পিছতে ত্ৰিপুৰাতো জনসভা সম্বোধন কৰিব গান্ধীয়ে।আগৰতলাৰ পৰা পুনৰ ৰাওনা হ’ব ৰাজধানী দিল্লীলৈ।

উল্লেখ্য যে, ৰাজ্যখনত লোকসভাৰ লগতে বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।