যোগীঘোপাত নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকক সম্বৰ্ধনা

 06/30/2019 - 15:39

যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰা ৰাজীৱ ভৱনত আজি এক সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰে নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে। বইটামাৰী ব্লক কংগ্ৰেছৰ সভাপতি মুছাৰফ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত নৱ নিৰ্বাচিত সাংসদ গৰাকীক দলীয় কৰ্মীসকলে উষ্ম সম্বৰ্ধনা জনায়| কংগ্ৰেছ দলে অৰ্থাৎ মই বেছি ভোট লাভ কৰা পঞ্চায়তত গুৰুত্ব বেছি দিম।

যিবোৰ পঞ্চায়তত লোকসভা নিৰ্বাচনত কংগ্ৰেছে বেছি ভোট লাভ কৰিছে সেইবোৰ পঞ্চায়ত উন্নয়নৰ বিশেষ অগ্ৰাধিকাৰ দিয়া হ’ব। কাৰণ কংগ্ৰেছে বেছি ভোট লাভ কৰা পঞ্চায়তসমূহৰ কাৰণে আজি মই সাংসদ হিচাপে জয়ী হৈছো বুলি মন্তব্য কৰে ৬ নং বৰপেটা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দিল্লীৰ অসম ভৱনত সংবাদ মেল আয়োজন কৰিব নিদিয়াত আব্দুল খালেকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সৰ্বানন্দ সোণোৱাল চৰকাৰখন স্বেচ্ছাচাৰিতাৰে শাসন চলাইছে। সংবাদ মেল আয়োজন কৰিব নিদিয়াটোৱে তাকে প্ৰমাণ কৰিলে আৰু এই স্বেচ্ছাচাৰী চৰকাৰখন সোনকালে পতন ঘটিব বলি খালেকে মন্তব্য কৰে।

তদুপৰি APSC ৰ বিৰুদ্ধে সৰৱ হৈ আব্দুল খালেকে কয় যে এই চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কথা কয় যদিও সঁচাকৈয়ে দুৰ্নীতিৰ বিৰুদ্ধে নহয়, কামে-কাজে দুৰ্নীতিৰ লগত আপোচ কৰা চৰকাৰ। অকল বিধায়ক গুৰুজ্যোতি দাস নহয়, সুমিত্ৰা পাতিক তদন্তৰ আওতালৈ আনিব লাগে। লগতে ছিণ্ডিকেট অসমত চলিছে আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চকু মুদা কুলিৰ ভাও লৈছে বুলি মন্তব্য কৰে খালেকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।