গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ১

 06/30/2019 - 16:09

গৌৰীপুৰঃ গৌৰীপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ডুমৰদহ অঞ্চলৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা৷ এখন মেক্সিম’ বাহনে দুখনকৈ বাইক আৰোহীক খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী আৰু আন এজন বাইক আৰোহী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়৷

উল্লেখযোগ্য যে নম্বৰ বিহীন গ্লেমাৰ বাইক আৰোহী গাজিবৰ ৰহমান (২০)থিতাতে নিহত হয় আৰু AS17E 8907 নম্বৰৰ য়াম্মাহা বাইক আৰোহী হেমেন দেৱনাথ(৩৩) গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজ আৰু বালাজান আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসকে গুয়াহাটীলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।