মানকাচৰত চুৰিৰ অভিযোগত নাবালকক প্ৰহাৰ ম’ৰেল পুলিচৰ

 06/30/2019 - 16:56

হাটশিঙিমাৰীঃ এটা ভাইৰেল হোৱা ভিডিঅ’৷ মানকাচৰত চুৰিৰ অভিযোগত উৰাই ঘূৰাই কোবাইছে এটা ১২ বছৰীয়া শিশুক৷ প্ৰহাৰ কৰা ব্যক্তিজন স্বাস্থ্য বিভাগৰ এজন ফাৰ্মাচিষ্ট৷ ম’ৰেল পুলিচৰ ভূমিকা লৈ লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছে ফৰিদুল ইছলাম নামৰ ব্যক্তিজনে৷

অভিযোগ অনুসৰি ফাৰ্মাচিষ্ট হিচাপে মানকাচৰৰ সাদুল্যাবাৰী হাস্পতালত কৰ্মৰত ফৰিদুল ইছলামৰ এটা গেছ চিলিণ্ডাৰ চুৰি হৈছিল। ম’ৰেল পুলিচৰূপী ফৰিদুল ইছলামৰ নিজস্ব অনুসন্ধানত এই নাবালকজনক দোষী সাব্যস্ত কৰি দিয়া হ’ল ৰাজহুৱা শাস্তি। পাছত আৰক্ষীয়ে ঘটনাস্থলীত গৈ নাবালকজনক উদ্ধাৰ কৰি চুৰিৰ অভিযোগত ৩৫৫/১৯ নম্বৰত গোচৰ ৰুজু কৰি জুভেনাইল কোৰ্টৰ জৰিয়তে শিশু গৃহলৈ প্ৰেৰণ কৰে।

চুৰিৰ অপৰাধত নাবালকক ৰাজহুৱাভাৱে শাস্তি প্ৰদানৰ অধিকাৰ ফৰিদুল ইছলামে কেনেদৰে পালে বুলি একাংশ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে? ম’ৰেল পুলিচৰূপী ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা হাতত ল’ব সেইটো সময়েহে ক’ব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।