যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চটপাৰাত ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া অব্যাহত। চটপাৰা গাঁৱত ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া দীৰ্ঘদিনৰ পৰা দ্ৰুত হাৰত বৃদ্ধি হোৱাত নৈপৰীয়া ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে। মাত্ৰ দুইদিন পূৰ্বে প্ৰতিবিম্ব Live ত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত যোগীঘোপাৰ চটপাৰা খহনীয়াস্থলী পৰিদৰ্শন কৰে নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে।
কিন্তু মাত্ৰ তিনি মিনিট সময়ৰ বাবে পৰিদৰ্শন কৰাক লৈ যোগীঘোপাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যোৱা বাৰিষা কালত ব্ৰহ্মপুত্ৰ নৈ কালৰূপ ধাৰণ কৰাত ইতিমধ্যে নৈৰ বুকুত শতাধিক বাসগৃহ-ভেটিমাটি, শ শ বিঘা কৃষি ভূমি, বিদ্যালয়গৃহ নৈৰ বুকুত জাহ গৈছে। শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল খহনীয়াত ইতিমধ্যে যোগীঘোপা কৰেয়া সংযোগী পথ নৈৰ বুকুত জাহ যায়।
ফলত উক্ত পথেৰে যাতায়ত ব্যাহত হৈ পৰিছে।আনহাতে গাঁওখনত থকা এটা মছজিদ ঘৰ নৈৰ বুকুত জাহ যাবলৈ মাত্ৰ কেইমিটাৰমানহে বাকী আছে। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল খহনীয়া অব্যাহত থকাৰ পিছতো আজিকোপতি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ স্থায়ী সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে অভয়াপুৰী দক্ষিণ সমষ্টিৰ এআইইউডিএফৰ বিধায়ক অনন্ত কুমাৰ মালোক কেইবাবাৰো অৱগত কৰিছিল যদিও বিধায়কগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই। আনহাতে গ্ৰামোন্নয়ন বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত এমজি এনৰেগা আঁচনিৰ অধীনত ১৮.৬৯ লাখ টকা ব্যয় সাপেক্ষে আৰচিচি পাৰ্কুপাইন অৰ্থাৎ বল্ডাৰ বান্ধ নিৰ্মাণ কৰিছিল।
প্ৰাপ্ত অভিযোগ মতে বিভাগীয় একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীয়ে একাংশ দালালৰ সহযোগত উক্ত আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰিছিল। অভিযোগ মতে ১৮.৬৯ লাখ টকাৰ আঁচনি ৰূপায়ণৰ নাম মৃত ব্যক্তিক এনৰেগাৰ শ্ৰমিক সজাই ভুৱা বিল প্ৰস্তুত কৰি প্ৰায় ৭ লাখ টকাৰ কাম কৰি সমুদায় ধন আত্মসাৎ কৰে।
ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই চটপাৰা গাঁৱৰ ৰাইজক দিশহাৰা কৰি আহিছে যদিও বঙাইগাঁও জিলা জলসম্পদ বিভাগে গাঁওখনক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। সম্প্ৰতি সম্পূৰ্ণ চটপাৰা গাঁওখনেই খহনীয়াৰ কবলত পৰাত নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ হৈছে। অঞ্চলটোৰ ৰাইজ এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰলৈ আশা পালি আছে। চৰকাৰ প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে চটপাৰা গাঁওখন নৈৰ বুকুত জাহ যোৱাৰ আশংকাই দেখা দিছে। নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক চটপাৰা খহনীয়া ৰোধৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যনীয়।