বাক্সাৰ জাৰতালুকত পাগলাদিয়া নদীৰ তাণ্ডৱ

 06/30/2019 - 17:26

বাক্সাঃ বাক্সাত অব্যাহত আছে বানৰ তাণ্ডৱ৷ আজিও জাৰতালুক গাঁওৰ দুই শতাধিক পৰিয়াল পানীৰ তলত৷ তিনিদিন ধৰি আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰি আছে পৰিয়াল কেইটা৷ বিগত চাৰিদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জাৰতালুক গাঁওখন সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত গাঁওখনৰ লোকসকলে বিদ্যালয় গৃহ, ওখ ঠাইত আশ্ৰয়গ্ৰহণ কৰিবলগীয়া হয়৷ বিগত তিনি চাৰি দিন গাঁওখনৰ লোকসকল বিচ্চিন্ন হৈছে পৰিছে বহি:বিশ্বৰ সৈতে৷ পানীয়ে বাট-পথ বুৰাই পেলোৱাত বিদ্যালয় চৌহদতে আৱদ্ধ হৈছে লােকসকল৷ ফলত গাঁওখনত বিশুদ্ধ খোৱাপানী, খাদ্যৰ অভাৱ পৰিলক্ষিত হয়৷

গাঁওবাসীয়ে পানীৰ মাজত নৰক যন্ত্ৰনা ভোগ কৰাৰ পিচতো আজিলৈকে স্থানীয় বিধায়ক, জনপ্ৰতিনিধি, প্ৰশাসনৰ কোনো লােকে খবৰ  এটাও লোৱা নাই৷ গাঁওখনৰ এটা প্ৰতিনিধি দলে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মক লগ কৰিবলৈ গৈও বিমুখ হৈ আহিবলগীয়া হৈছে৷ বিধায়কগৰাকী নিজৰ বাসভৱনত থকাৰ পিচতো বানপানীত ভুক্তভোগী লোকসকলক সাক্ষাত নকৰাত ৰাইজ ক্ষোভিত হৈ বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে৷ ৰাইজে আজি বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ প্ৰতিকৃতি শৱদেহ কান্ধত তুলি নি পানীত উটুৱাই দি প্ৰতিবাদ সাব্যস্ত কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।