06/30/2019 - 17:56
in
দুলীয়াজানঃ দুলীয়াজানৰ কাষৰীয়া জয়পুৰ থানাৰ অন্তৰ্গত দিহিং কিনাৰ বঙালী ব্লকত শনিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। উল্লেখযোগ্য যে দিহিং কিনাৰ গাঁৱৰ নিৱাসী প্ৰভাত ফুকনে নিজ পুত্ৰ মুনিন্দ ফুকনক দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। জানিব পৰা মতে পুত্ৰই দৈনিক সুৰামত্ত হৈ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকসকলক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল।
ইফালে শনিবাৰে নিশাও পুত্ৰই পিতৃ-মাতৃক আক্ৰমণ কৰিবলৈ চেষ্টা চলাওঁতে পিতৃৰ দাৰ ঘাপত গুৰতৰভাবে আঘাত প্ৰাপ্ত হয় পুত্ৰ আৰু আহত পুত্ৰক দুলীয়াজান অইল হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আনহাতে ঘটনা সন্দৰ্ভত জয়পুৰ আৰক্ষীয়ে হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।