বটদ্ৰৱাঃ দুৰ্গত লোকৰ কল্যাণ আৰু সমষ্টিবাসীৰ সুখ-দুখৰ সমভাগী হৈ বাতৰিৰ শিৰোনামা দখল কৰা বিধায়িকা আঙুৰলতা ডেকাই আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভকতগাঁও পঞ্চায়তত মুঠ ছয় গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ গৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেখেতসকলক উন্নত চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে। অসমৰ মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহাৰ্য্য আঁচনিৰ অধীনত বিধায়িকাগৰাকীয়ে আঁচনিৰ চেক বিতৰণ কৰে।
বটদ্ৰৱা সমষ্টিৰ বটদ্ৰৱা আৰু দলংঘাট মণ্ডলৰ ক্ৰমে হীৰক জ্যোতি বৰদলৈ, লীলু বৰদলৈ, হিৰণ্য কুমাৰ নাথ, ভাৰতী হাজৰিকা, বুবু ডেকা, দিগন্ত লাহন, মিৰু বৰা, কিৰণ ডেকা, দিশামণি বৰদলৈ আৰু দিলেশ্বৰ দাসৰ নিজা গৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় আৰু নিজ হাতে মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহাৰ্য্য আঁচনিৰ চেকসমূহ প্ৰদান কৰে।
তদুপৰি একেদিনাই বিধায়িকাগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ ভৱিষ্যত অধ্যয়নৰ বিষয়ে পৰিয়াল আৰু ছাত্ৰ-ছাত্ৰীৰ লগত বাৰ্তালাপ কৰে আৰু প্ৰতিজন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।
ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অধ্যয়নৰ বাবে বিধায়িকাগৰাকীৰ তৰফৰ পৰা পাৰ্যমানে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে দৰিদ্ৰ ৰোগ তথা দুৰাৰোগ্য ৰোগীক সাধ্য অনুসাৰে নিজ হাতে আৰ্থিক সাহায্য প্ৰদান কৰি পৰম শান্তি লাভ কৰিলো বুলি বিধায়িকা আঙুৰলতাই সাংবাদিকৰ সন্মুখত মন্তব্য কৰে।