কোকৰাঝাৰৰ একেটা পৰিয়ালৰে তিনিজনক হত্যা কৰা ঘাতকক গ্ৰেপ্তাৰ

 06/30/2019 - 20:58

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁও যোৱা ২৭ জুনত একেটা পৰিয়ালৰে তিনিজন সদস্যক ঘপিয়াই হত্যা কৰা হত্যাকাৰীক অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা ঘাতকগৰাকী হ'ল ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত প্ৰতাপখাতা খেজুৰবাৰীৰ শোভানন্দ বৰ্মন(২৪)।

উল্লেখ্য যে ২৭ জুনত সংঘটিত হোৱা উক্ত ভয়ানক ঘটনাত একেটা পৰিয়ালৰে তিনিজন সদস্য ক্ৰমে টিপুল ৰায়(৩৪), মৰমী ৰায়(২৫) আৰু অঞ্জুমণি ৰায়(৩) ক ঘপিয়াই হানি খুচি হত্যা কৰিছিল। আনহাতে উক্ত ঘটনাত সৌভাগ্যবশতঃ কবিতা ৰায়(৬) নামৰ কণমানি কন্যা সন্তানগৰাকী ৰক্ষা পৰিছিল। ব্যাপক চাঞ্চল্য সৃষ্টিকাৰী উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে ব্যাপক তদন্ত চলাই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি ঘটনাস্থলীলৈ আনে।

হত্যাত অভিযুক্ত শোভানন্দ বৰ্মন(২৪) ঘটনাস্থলীলৈ আহি হত্যাকাণ্ড কেনেদৰে সংঘটিত কৰিছিল সেয়া দেখুৱাই দিয়ে। পোন প্ৰথমে শোভানন্দ বৰ্মন ৩০ কিলোমিটাৰ নিলগৰ পৰা নতুন চাইকেলেৰে আহি মাজনিশা মুখীগাঁৱত উপস্থিত হয় । চাইকেল মুখীগাঁৱৰ নৱনিৰ্মিত দলঙৰ কাষত লুকুৱাই থৈ মূল ৰাস্তাৰে নগৈ পথাৰেৰে টিপুল ৰায়ৰ ঘৰত উপস্থিত হয়। হত্যাকাৰী শোভানন্দ বৰ্মন ঘৰৰ পিছপিনে সিন্ধি খান্দি প্ৰৱেশ কৰি প্ৰথমে আঠুৱা খুলি টিপুল ৰায়ক হত্যা কৰে।

টিপুল ৰায়ক হত্যা কৰোতেই কণমানি সন্তানক সাৱটি ধৰি মাতৃ মৰমী ৰায় ঘৰৰ পৰা দৌৰ মাৰি পলায়নৰ চেষ্টা কৰোতেই চোতালত পিছল খাই পৰে যদিও প্ৰাণৰ মমতাত পুনৰাই উঠি দৌৰ মাৰে যদিও হত্যাকাৰী শোভানন্দ বৰ্মন(২৪) পিছে পিছে খেদি গৈ মৰমীক পিছফালৰ পৰা থাপ মাৰি ধৰে আৰু ডেগাৰেৰে উপৰ্যুপৰি ঘাপ মাৰে। একেদৰে কণমানি সন্তান অঞ্জুমনি ৰায়কো মৰমীৰ কোলাৰ পৰা আজুৰি আনি ডেগাৰেৰে হানি খুচি হত্যা কৰে।

ঘৰৰ তিনিজন সদস্যক হত্যা কৰাৰ পিছত শোভানন্দ বৰ্মন ঘৰৰ সন্মুখৰে ওলাই যায় আৰু হত্যাত ব্যৱহৃত হোৱা ডেগাৰখন কাষৰে হেল নদীত পেলাই দিয়ে। ইয়াৰ পিছতে লুকুৱাই থোৱা স্থানৰ পৰা চাইকেল লৈ তাৰ পৰা পলাই পত্ৰং দিয়ে আৰু অকল হত্যাকাণ্ডত ব্যৱহাৰ কৰিবলৈ নতুনকৈ কিনা চাইকেলখন ঘটনাস্থলীৰ পৰা ৩০ কিলিমিটাৰ নিলগৰ গঙ্গীয়া নদীত পেলাই দিয়ে।

ইপিনে উক্ত ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে হত্যাকাণ্ড অবৈধ প্ৰেমজনিত কাৰণত হোৱা বুলি মত প্ৰকাশ কৰে। হত্যাত অভিযুক্ত শোভানন্দ বৰ্মন সম্বন্ধত মৰমী ৰায়ৰ নিজ মাহীয়েকৰ লৰা আৰু মৰমীৰ সতে এক অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল বুলি মন্তব্য কৰে। অবৈধ সম্পৰ্ক ভঙ্গ হোৱাৰ বাবেই উক্ত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল বুলি উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে সন্দেহ প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।