কাউলীৰ পাহাৰপুৰত চানতালীসকলৰ ঐক্য সংহতি দিৱস

 06/30/2019 - 21:11

তামুলপুৰঃ সমগ্ৰ ভাৰতবৰ্ষতে ১৮৫৫ চনৰ  ৩০ জুনৰ দিনটোতে বীৰ ছহিদ চিদু, কানুৰ নেতৃত্বত চানতালীসকলে বৃটিছ চৰকাৰৰ ভূমি নীতি আৰু শোষণ, বঞ্চনাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। সেই মহান বীৰ পুৰুষ চিদু, কানুৰ আদৰ্শক সাৰোগত কৰি আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ পাহাৰপুৰ খেলপথাৰত চানতালী জনগোষ্ঠীৰ ১৬৪ তম ঐক্য সংহতি দিৱস উদযাপন কৰা হয়।

সংহতি দিৱসৰ লগত সংগতি ৰাখি কাউলী আঞ্চলিক মঝি পার্গনা সংস্থাৰ উদ্যোগত আজি পুৱা ৮ বজাত বৃক্ষ ৰোপন কৰা হয়। ৮ বাজি ৩০ মিনিটত বীৰ চিদু, কানুৰ প্ৰতিমূৰ্তি স্থাপন কৰি ১০ বজাত প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰে মঝি পাৰ্গনা সংস্থাৰ কাউলী অঞ্চলিকৰ সভাপতি সুন্দৰ মুৰ্মুৱে। দিনৰ ১১ বজাত আদিবাসী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত ২ বজাত চানতালী লোকসকলৰ মাজত তীড়েৰে লক্ষ্য ভেদ কৰা(বিঝাতিন )প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তীড়েৰে লক্ষ্য ভেদ (বিঝাতিন) প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী ৰাম দাস চৰেনক এক হাজাৰ টকাৰে সন্মানিত কৰা হয়।

পৰৱৰ্তী সময়ত আবেলি ৩ বজাত পাহাৰপুৰ খেলপথাৰত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে চানতালী জনগোষ্ঠীৰ দংশ্ৰীঙ নৃত্যৰে অতিথিসকলক আদৰণি জনোৱা হয়। ২ নং পূব কুমাৰীকাটাৰ প্ৰাক্তন ভিচিডিচিৰ চিয়াৰমেন চামু মাৰ্ডিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰি আদৰণীয় সভাৰ সম্পাদক সুনিৰাম মুৰ্মূৱে চানতালী জনগোষ্ঠীৰ বিভিন্ন সমস্যা তথা বিভিন্ন দিশৰ ওপৰত বহল বক্তব্য ৰাখি চিদু, কানুৰ কৰ্মজীৱনী সম্পৰ্কে ভাষণ আগবঢ়ায়।

সভাত বিশিষ্ট অতিথি ৰুপে উপস্থিত থাকে অসম প্ৰদেশ আদিবাসী চেঙ্গেল অভিযানৰ উপ সভাপতি চহান হেমব্ৰম, সৰ্বভাৰতীয় চন্তালি শিক্ষা পৰিষদৰ, বাক্সা জিলাৰ সভাপতি চিউদল মুৰ্মূ, সম্পাদক ৰামলাম হেম্বব্ৰম, বাক্সা জিলাৰ প্ৰাক্তন সম্পাদক সুৰথ টুডু, বাক্সা জিলাৰ বৰ্তমানৰ সমন্বয়ক ধনেশ্বৰ মাৰ্ডি, ২ নং পূব কুমাৰীকাটাৰ প্ৰাক্তন ভিচিডিচিৰ চিয়াৰমেন চামু মাৰ্ডি, আদৰণীয় সভাৰ মুখ্য পৰিচালক ৰাজেশ হাছদা, মধু কুমাৰ ছেত্ৰী, মণ্ডল বাস্কে, আদৰিণীয় সভাৰ সম্পাদক সুনিৰাম মুৰ্মূ-সভাপতি চাভিত চৰেন, স্থানীয় সমাজকর্মী ধনসিং মহত, লক্ষ্মীৰাম টুডু, ৰাজেশ মাৰ্ডিসহ প্ৰায় ১ হেজাৰেৰো অধিক লোক উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।