বিশিষ্ট সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উদযাপন

 06/30/2019 - 21:17

বিলাসীপাৰা: দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে যিমান লোকৰ বাবে ভাবিছিল, লোকে তেওঁৰ বাবে সেয়া নকৰিলে৷ বিশিষ্ট সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি অনুষ্ঠিত অনুষ্ঠানত উত্তৰ বঙ্গ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড‌০ আনন্দ গোপাল ঘোষে অংশগ্ৰহণ কৰি এইদৰে নিজ ভাষণত মত পোষণ কৰে। তেওঁ লগতে কয় যে নামনি অসমৰ ধুবুৰীৰ বাসিন্দা দিলীপ কুমাৰ চক্ৰবৰ্ত্তী কেৱল এজন সুদক্ষ সাংবাদিকেই নাছিল, তেওঁ এজন সুদক্ষ লেখক, কবি, অধিবক্তাৰ লগতে সাহিত্যপ্ৰেমী সমাজ সংগঠক আছিল।

নিজৰ পিতৃ স্বাধীনতা সংগ্ৰামী স্বৰ্গীয় বিপিন চক্ৰৱৰ্তীৰ মৃত্যু দিবসত অসম, বঙ্গ, ত্ৰিপুৰা ৰাজ্যৰ লগতে বৰ্হিৰাষ্ট্ৰ বাংলাদেশ, ভুটানৰ কবি, সাহিত্যিকসকলক একত্ৰিত কৰি কাব্যিক পৰিবেশৰ সৃষ্টি কৰিছিল। উল্লেখ্য যে "গণ চাবুক" কাকত আৰু "ঈশান" নামৰ কাব্য সংকলনৰ সম্পাদক প্ৰয়াত দিলীপ কুমাৰ চক্ৰৱৰ্তীৰ স্মৃতিত আজি বিলাসীপাৰাৰ আম্বেদকাৰ ভৱনত ৰাতিপুৱা ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে দ্বিতীয় মৃত্যু বাৰ্ষিকী দিৱস পালন কৰা হয়।

উক্ত কাৰ্যক্ৰমত উপস্থিত থাকে উত্তৰ বঙ্গ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড‌০ আনন্দ গোপাল ঘোষ, বিশিষ্ট সাহিত্যিক তথা অধিবক্তা ৰাম অৱতাৰ শৰ্মা, বিশিষ্ট সাহিত্যিক দেৱব্ৰত চাকী, বিশিষ্ট লেখিকা ড০ আৰ্মেদা, বিলাসীপাৰা চহৰৰ প্ৰবীণ সাংবাদিক দয়াল পাল, কল্যাণ চক্ৰৱৰ্তী, সাহিত্যিক তথা প্ৰাক্তন অধ্যাপক অমূল্য কুমাৰ কৰ্মকাৰ, সমাজসেৱক তথা সু-চিকিৎসক ড০ কানুলাল দাস, সাহিত্যিক তথা লেখক আলতাপ হুছেইনকে ধৰি বহুতো সাংবাদিক আৰু গন্যমান্য ব্যক্তিসকল।

সভাখনৰ আৰম্ভনিতে প্ৰয়াত সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তীৰ প্ৰতিকৃতি মাল্যৰ্পনৰ পিছতে বন্তি প্ৰজ্বলন, পুষ্পাৰ্ঘ নিবেদন কৰা হয়। ইয়াৰ পিছতে সাংবাদিক জনাৰ শান্তি কামনা কৰি এক মিনিট সময় মৌনব্ত পালন কৰা সভা। সভাখনত প্ৰয়াত সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তীৰ কৰ্ম জীৱনাদৰ্শনৰ ওপৰত আলোকপাত কৰি ৱাাহিদ খান, ধনঞ্জয় বৰ্মণৰ প্ৰমুখ্যে কেবাজনো কবি তথা বক্তাই তেওঁ লিখা কবিতাসমূহ পাঠ কৰি সকলোকে মুগ্ধ কৰে। তেওঁৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে আনোৱাৰ হুছেইনৰ "ৰঙা ৰশ্মি" নামৰ এখন উপন্যাস উন্মোচন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।