ৰঙিয়াত দুই সন্তানৰ পিতৃ পৰিল তিনি সন্তানৰ মাতৃৰ প্ৰেমত

 06/30/2019 - 21:19

ৰঙিয়াঃ নিজ পত্নি আৰু দুটাকৈ সন্তানৰ পিতৃ হৈয়ো অবৈধ প্ৰেমত পৰিল এজন ব্যক্তি৷ ৰঙিয়াৰ উদিয়ানাৰ বিপুল কলিতা নামৰ ব্যক্তিজনক প্ৰেমিকাৰ ঘৰতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগত ৰাইজৰ হাতত বন্দী হ’বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজকে সাংবাদিক বুলি পৰিচয় দি ডিঙিত কেমেৰা লৈ ঘূৰি ফুৰা এইজন ব্যক্তিৰ বিৰুদ্ধে বিচাৰ চলিল ৰঙিয়াৰ উদিয়ানা পঞ্চায়ত ভৱনত।

ৰাইজৰ বিচাৰত মহিলাগৰাকীক বিয়া কৰোৱাৰ প্ৰস্তাৱ। আন ধৰ্মৰ তিনি সন্তানৰ মহিলাগৰাকীক লৈ বিয়া পাতিবলৈ আহি ৰঙিয়া আদালতত হাজিৰ হ’লহি বিপুল কলিতা। কিন্তু তেনে সময়তে নিজ পত্নীয়ে ঘটনাৰ উমান পাই আদালত চৌহদত উপস্থিত হয়।

আদালতৰ চৌহদত পত্নীৰ লগতে দুই সন্তানক দেখি প্ৰেমিকাক এৰি পলায়ন কৰিলে বিপুল কলিতাই। পূৰ্বে পত্নীৰ এটা গোচৰ চলি থকাৰ পিছতো পুনৰ স্বামী বিপুল কলিতাৰ বিৰুদ্ধে আন এক গোচৰ তৰিলে পত্নীয়ে। সামাজিক সংগঠন, সাংবাদিকৰ পৰিচয় দি বহু অপকৰ্মত জড়িত থকাৰ অভিযোগ উঠিছে বিপুল কলিতাৰ বিৰুদ্ধে। তদুপৰি নানাধৰণে অত্যাচাৰ কৰাৰো অভিযোগ কৰিছে পত্নীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।