06/30/2019 - 21:23
in
দুলীয়াজানঃ দুলীয়াজান আৰক্ষী থানাৰ এলেকাত আজি বিয়লিভাগত সংঘটিত জঘন্য হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰত্যক্ষদৰ্শীৰ মতে পাৰিবাৰিক কন্দলৰ পৰিণতিত পুত্ৰৰ হাতত শোকাৱহভাৱে প্ৰাণ গ'ল পিতৃৰ। প্ৰাপ্ত তথ্য অনুসৰি ভাদৈ আৰক্ষী চকীৰ অধীনৰ ২ নং বকুলনী চাৰিআলিৰ মহাবীৰ মিৰ্ধাক (৬০) নিজ পুত্ৰ ভাৰ্কো মিৰ্ধাই (২৬) মৰিয়াই হত্যা কৰে।
পাছত অতি সংকটজনক অৱস্থাত পৰিয়ালৰ অন্যান্য লোকে মহাবীৰ মিৰ্ধাক দুলীয়াজান অইল মেডিকেললৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বাতৰি লিখা পৰৰলৈকে ঘটনাৰ সংক্ৰান্তত অইল চিকিৎসালয়ে ফোন যোগে দুলীয়াজান আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে।