আমগুৰিত চাকছেচ পইণ্ট কেৰিয়াৰ পৰামৰ্শ কেন্দ্ৰ মুকলি

 06/30/2019 - 21:35

আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰিত আজি "চাকছেচ পইন্ট" নামৰ এক কেৰিয়াৰ পৰামৰ্শ কেন্দ্ৰ মুকলি কৰা হয়। আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা মহাৰজত জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি আজি বিদ্যালয়ত এক কেৰিয়াৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।

বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহ উদযাপন সমিতি আৰু কেৰিয়াৰ পৰামৰ্শ কেন্দ্ৰ "চাকছেচ পইন্ট"ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহযোগী অধ্যাপক তথা সমাজকৰ্মী ড° প্ৰদ্যুম্ম গোস্বামীয়ে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ চণ্টক শাখাৰ শাখা পৰিচালক মঃ চফিউৰ ৰহমান আৰু অসম ইলেক্ট্ৰিকেল গ্ৰীড কৰপ'ৰেশ্বনৰ মৰিয়ণি উপসংমণ্ডল অভিযন্তা মৃন্ময় বৰা।

বিদ্যালয়ৰ শিক্ষক ইন্দ্ৰকমল ফুকন আৰু চাকছেচ পইন্টৰ অভিপ্সিত শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়াই মহাৰজত জয়ন্তী উৎসৱৰ সম্পাদক তথা বিদ্যালয়ৰ অধ্যক্ষ অমৰজ্যোতি বৰঠাকুৰে। অনুষ্ঠানত শিক্ষাবিদ ড° অনিল গগৈ, মহাৰজত জয়ন্তী উৎসৱৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ সভাপতি ডাঃ হেমেন গগৈ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পূৰ্বে আমগুৰি আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত স্থাপন কৰা "চাকছেচ পইন্ট" নামৰ কেৰিয়াৰ পৰামৰ্শ কেন্দ্ৰটো আনুষ্ঠানিক ভাবে মুকলি কৰে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই। বিধায়ক হাজৰিকাই কেন্দ্ৰটোৰ জড়িয়তে শিক্ষিত যুৱক-যুৱতীসকল কেৰিয়াৰৰ ক্ষেত্ৰত লাভাম্বিত হ'ব বুলি প্ৰকাশ কৰি সকলোৰে সহযোগিতা কামনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।