গুৱাহাটী আৰু বাংলাদেশৰ মাজত আজিৰ পৰা আৰম্ভ হ'ব বিমান সেৱা

 07/01/2019 - 12:38

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পৰা পুৱা ১১.৫৫ বজাত ঢাকালৈ ৰাওনা হ’ব এখন বিমান। কাৰণ গুৱাহাটী আৰু বাংলাদেশৰ মাজত আজিৰ পৰা আৰম্ভ হ'ব বিমান সেৱা। আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ আঁচনিৰ অধীনত এই সেৱা আৰম্ভ কৰা হ’ব।পৰৱৰ্তী পৰ্যায়ত বেংকক, হানৈ, কাঠমাণ্ডু, কুৱালালামপুৰ আৰু য়াংগুণলৈও গুৱাহাটীৰ পৰা চলাচল কৰিব পোনপটীয়া বিমান।

গুৱাহাটী ঢাকা সংযোগী প্ৰথমখন বিমানৰ যাত্ৰাৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিআইপি পাৰ্কিং এলেকাত অনুষ্ঠিত হ'ব শুভাৰম্ভণি অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী সিদ্ধান্ত ভট্টাচাৰ্য, ভৱেশ কলিতাকে ধৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.