চৰকাৰৰ হেমাহিঃ দহখন গাঁৱৰ ৰাইজে নিৰ্মাণ কৰিলে কেঁচা নদী বান্ধ

 03/19/2019 - 13:24

ওদালগুৰিঃ কিমান আৰু চৰকাৰৰ মুখলৈ চাই আশাত বহি থাকিব, কিমান আৰু উন্নয়নৰ ফটা ঢোলৰ মাত শুনিব আৰু কিমান শুনিব জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ভুৱা গান। অতিষ্ঠ হৈ পৰিছে তেওঁলোক। তেওঁলোকৰ বিননি শুনোতা কোনো নাই।  তেওঁলোক জীয়াই আছেনো কেনেদৰে, কোনো নাই ঘূৰি চাওতা। 

ক’ব বিছাৰিছো সমস্যাৰে জৰ্জৰিত এটা অঞ্চলৰ কথা। ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত পানেৰী বিধান সভা সমষ্টি আৰু বি টি চিৰ খালিংদুৱাৰ সমষ্টিৰ বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ লগতে ১০ খন গাঁৱত পৰা নাই এতিয়ালৈকে উন্নয়নৰ পোহৰ। এখন ৰাজ্যৰ শাসনত বহা বিজেপি চৰকাৰে উন্নয়নৰ শ্ল’গান দি আহিছে যদিও এতিয়াও উন্নয়ন যে কেৱল শ্ল’গানতে সীমাবদ্ধ হৈ আছে সেই কথা এই গাঁও সমূহলৈ চালেই বুজিব পাৰি।

হাগ্ৰামা মহিলাৰীৰ ১৫ বছৰীয়া মডেল বি টি চিৰ উন্নয়নেও স্পৰ্শ কৰিব পৰা নাই বি টি এ ডিৰ ওদালগুৰি জিলাৰ কেতবোৰ অঞ্চল। শতকৰা ৯৯ শতাংশ কৃষিজীৱী লোকে বাস কৰা ১ নম্বৰ, ২ নম্বৰ, ৩ নম্বৰ খৈৰাবাৰী গাঁও, পুৰণি টংলা গাঁও, টংলা গাওঁ, হাবি গাঁও, দুলীয়া পাৰা গাঁও, বুঢ়া গোঁসাই থান আৰু পশ্চিম নলবাৰী গাঁৱৰ ৰাইজ এতিয়া বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। উক্ত দহখন গাঁৱত আনহে নালাগে পথাৰত ধান খেতি কৰিবলৈ নাই জলসিঞ্চন ব্যৱস্থা। জলসিঞ্চন ব্যৱস্থাৰ সুবিধা নাপাই বছৰ বছৰ ধৰি ধান খেতিৰ বাবে কেৱল বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে গাঁওবাসীয়ে।

আনহাতে, উক্ত দহখন গাঁৱৰ খেতি পথাৰত পানী অহা একমাত্ৰ নোনাই ঝৰ্নাটোত এটা বান্ধ নথকাৰ বাবে উক্ত ১০ খন গাঁৱৰ পথাৰত বাৰিষা কালত খেতিত ব্যৱহাৰৰ বাবে পানীক লৈ হাহাকাৰৰ সৃষ্টি হয়। তাৰোপৰি কিছু বছৰ পূৰ্বে পূব খৈৰাবাৰীত তীব্ৰ গৰাখহনীয়া সৃষ্টি হোৱাত খেতিয়ক ৰাইজে পানীৰ বাবে সমস্যাত ভুগিবলগীয়া হৈছে। উপায়ন্তৰ হৈ উক্ত দহখন গাঁৱৰে প্ৰায় ডেৰ শতাধিক লোকে হাতে হাতে দা কোৰ লৈ বস্তাত মাটি ভৰাই ১ নম্বৰ খৈৰাবাৰীৰ নোনাই ঝৰ্ণাত কেঁচা বান্ধ নিৰ্মাণ কৰে। কৃষক ৰাইজে চৰকাৰী আঁচনিৰ আশা নকৰি নিজে হাতে কামে লাগি কেঁচা বান্ধটো নিৰ্মাণ কৰে।

ইয়াৰোপৰি যোৱা শুকুৰবাৰে কৃষক ৰাইজে পূব খৈৰাবাৰীত ৰাইজৰ জমা ধনেৰে জে চি বি ব্যবহাৰ কৰি উক্ত গৰাখহানীয়া ৰোধৰ ব্যৱস্থা কৰে। জানিব পৰা মতে ইতিমধ্যে ৰাইজৰ প্ৰতিনিধি কেইবাবাৰো টংলাস্থিত জলসিঞ্চন সংমণ্ডল কাৰ্যালয়লৈ আহি তেওঁলোকৰ সমস্যা সমাধান সম্পৰ্কত আলোচনা কৰে যদিও ইয়াৰ কোনো সুফল ভোগ নকৰিলে গাঁওবাসীয়ে। অৱশেষত তেওঁলোকে হাতে কামে লাগি নিজৰ সমস্যা নিজে সমাধান কৰিবলৈ বাধ্য হয়। চৰকাৰৰ এফেৰি সময় হ’বনে এওঁলোকক ঘূৰি চাবলৈ!

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।