নগাঁওঃ অলপতে আত্মপ্ৰকাশ কৰা স্বেচ্ছাসেৱী সামাজিক সংগঠন "আশা কিৰণ"-এ প্ৰথমবাৰৰ বাবে অসমৰ সমাজ জীৱনৰ বাবে নি:স্বাৰ্থ ভাৱে সেৱা আগবঢ়াই অহা ব্যক্তিসকলৰ লগতে ৰাঙলু-কঠীয়াতলী-কামপুৰ অঞ্চলৰ উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২০ গৰাকীকৈ মেধাৱী ছাত্র-ছাত্রীক বিশেষ সম্বৰ্ধনা জনোৱাৰ বাবে অতি কম সময়ৰ ভিতৰতে সিদ্ধান্ত গ্ৰহণ কৰি দেওবাৰে ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ সভাগৃহত দিনৰ ১১ বজাত এখনি সভা অনুষ্ঠিত হয়। "চিৰ চেনেহী মোৰ ভাষা জননী" শীৰ্ষক গীতেৰে ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে সভাখনি আৰম্ভণি কৰা হয়।
উক্ত সভাখনি সভাপতিত্ব কৰে সমাজসেৱক, কঠীয়াতলী অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক তথা আশা কিৰণৰ সভাপতি ঘনকান্ত বৰাই। অনুষ্ঠানত নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে গ্ৰাম বিকাশ পৰিষদৰ মূখ্য উপদেষ্টা চিৰাজউদ্দিন আহমেদে| নিজৰ ভাষণ প্ৰসংগত তেওঁ ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ সকলো বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলক বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ওপৰত বহল ভাৱে ব্যাখ্যা আগবঢ়োৱাৰ লগতে ভূয়সী প্ৰসংশা কৰে। জিলা ন্যায় সেৱা প্ৰাধিকাৰী নগাঁও কাৰ্যালয়ৰ কাম-কাজ নিয়াৰিকৈ পালন কৰাৰ লগতে সমান্তৰালকৈ জিলাখনৰ বহু ভিতৰুৱা অঞ্চলৰ পিচপৰা শ্ৰেণীৰ দৰিদ্ৰ,নিচলা,দুৰাৰোগ্য ৰোগী,অনাথ শিশু,অসহায় বৃদ্ধ-বৃদ্ধা,মানসীক ৰোগী,দৰিদ্ৰ নিচলা শিক্ষাৰ্থী,বাটে-ঘাটে ঘুৰি ফুৰা কেউকিছু নোহোৱা লোক, মহিলা, মগনীয়া আদিক সময় মতে উদ্ধাৰ কৰি যাবতীয় কাৰ্য সম্পাদন কৰি চিকিৎসা প্ৰদানৰ পৰা পিন্ধা কাপোৰ,খোৱা বস্তুু যোগান ধৰাকে ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰোগীক জটিল অস্ত্রোপ্ৰচাৰ সফল কৰাৰ দিহা কৰাৰ পিচত সুস্থ কৰি ঘৰত উপস্থিত কৰালৈকে সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰি অহা জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ প্ৰণীতা মৰাঙক কঠীয়াতলী-ৰাঙলু-কামপুৰ-কন্দলী অঞ্চলৰ ৰাইজে ভূয়সী
প্ৰসংশা কৰাৰ লগতে আজি স্বেচ্চাসেৱী অনুষ্ঠান "আশা কিৰণ"ৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোছা, চেলেং, সৰুদৈয়া জাপি, শৰাই, অসম গৌৰৱ এক খড়্গযুক্ত গঁড়ৰ প্ৰতীকচিহ্ন আৰু অভিনন্দন পত্রৰে সম্বৰ্ধনা জনোৱা হয়। লগতে উক্ত অনুষ্ঠানতে ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিৱক্তা তথা আশা কিৰণৰ উপদ্দেষ্টা ৰূপালী গোস্বামীয়ে নিশাৰ ভিতৰতে আশা কিৰণক লৈ লিখি এটি কবিতা পাঠক সমাজলৈ শুভ মুক্তি কৰাৰ লগতে পাঠ কৰে। স্বাস্থ্য মিত্র মুক্তিকাম লস্কৰে আতঁধৰা অনুষ্ঠানটি অনান্য সম্বৰ্ধিত ব্যক্তি সকল ক্ৰমে পেনেল অধিৱক্তা ৰূপালী গোস্বামী,শ্বাহনাজ চুলতানা,বিশিষ্ট অধিৱক্তা মনোৰঞ্জন মহন্ত,বিশিষ্ট শিল্পী জিতেন কুমাৰ বৰা,আশা কিৰণ ৰ কাৰ্যকৰী সদস্য সুৰুজ কুমাৰ শইকীয়া,জয়ন্ত বৰা,ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ অৰ্ধআইনী সহায়ক দ্বীপেন শইকীয়া,পাপুমনি বৰা, বিতোপন কোঁৱৰ, অনিমা দাস,ৰূমি বৰা, কঠীয়াতলী অঞ্চলৰ সমাজসেৱিকা জ্যোতিকা ডেকাৰজা, ৰঞ্জিত দাস, কঠীয়াতলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৰেন চন্দ্ৰ ৰাভা, ৰাঙলু আৰক্ষী চকীৰ উপ-আৰক্ষী বিষয়া শল্যধৰ থাউচেনৰ লগতে কেইবাগৰাকীও গন্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত প্ৰায় ডেৰ শতাধিক লোক উপস্থিত থাকে।