বিশ্বকাপৰ বা-বতৰা

 07/01/2019 - 13:46

ডিজিটেল ডেস্কঃ আইচিচি ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ৩৮ সংখ্যক মেচত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজিত হ’ল কোহলী বাহিনী। বিশ্বকাপ ক্ৰিকেটত জয়ৰ ধাৰা স্তব্ধ হ’ল ভাৰতৰ। দেওবাৰে অনুষ্ঠিত হোৱা খেলখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ৩৩৭ ৰান কৰে৷

ভাৰতৰ সন্মুখত ৩৩৮ ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে। এই লক্ষ্যৰ পিছা কৰি ভাৰতে ৫০ অভাৰত ৫ টা উইকেট হেৰুৱাই ৩০৬ ৰানহে কৰিবলৈ সক্ষম হয়৷ ৩১ ৰানৰ ব্যৱধানত জয়ী হয় ইংলেণ্ড৷ ইংলেণ্ডৰ জনী ব্ৰেষ্ট’ই ১০৯ বলত ১১১ ৰান কৰি মেন অৱ দ্য মেচ হয়৷

আজি বিশ্বকাপ ক্ৰিকেটৰ ৩৯ সংখ্যক মেচ অনুষ্ঠিত হ’ব৷ ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা চেষ্টাৰ-লে-ষ্ট্ৰীটৰ ৰিভাৰছাইড খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া মেচখনত আজি মুখামুখি হ’ব শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।