বিশ্বকাপ ক্ৰিকেটৰ পৰা বাহিৰ ভাৰতীয় দলৰ অলৰাউণ্ডাৰ বিজয় শংকৰ

 07/01/2019 - 16:47

ডিজিটেল ডেস্কঃ এক দুখবৰ। নেট অণুশীলন কৰাৰ সময়ত যশপ্ৰীত বুমৰাহৰ বলত ভৰিৰ আঙুলিত গুৰুতৰ ভাৱে আঘাত পাই ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ বিজয় শংকৰ বিশ্বকাপ ক্ৰিকেটৰ পৰা বাহিৰ হৈছে।

বিজয় শংকৰৰ স্থানত যোৱাবছৰ অষ্ট্ৰেলিয়াৰ বিপৰীতে টেষ্ট অভিষেক ঘটোওৱা ২৮ বৰ্ষীয় কৰ্ণাটকৰ অপেনাৰ বেটছমেন মায়াংক আগৰৱাল অহাৰ সম্ভাৱনা আছে।

যশপ্ৰীত বুমৰাহে এই দুখৰ খবৰত মুখ খুলি কয় আমি কেতিয়াও সতীৰ্থই শৰীৰত আঘাত পোৱাকৈ অণুশীলন নকৰো। কিন্তু কেতিয়াবা দুৰ্ভাগ্যবশতঃ এনেকুৱা হৈ যায়। তাৰবাবে দুঃখিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।