লখিমপুৰৰ বগীনদী পথত ভয়ংকৰ দুৰ্ঘটনা

 07/01/2019 - 16:56

লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলাবালিত দেওবাৰে বিয়লি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।

লখিমপুৰ দিশৰ পৰা অহা AS 07 M 4298 আপাচি বাইক আৰু বগীনদী দিশৰ পৰা লখিমপুৰলৈ গৈ থকা AS 07 N O784 নম্বৰৰ গ্লেমাৰ বাইকখনে মুখামুখি খুন্দা মৰাৰ ফলত গ্লেমাৰ চালকজনৰ থিতাতে মৃত্যু হয়। মৃত ব্যক্তিজন লখিমপুৰ গৰীয়াজানৰ লক্ষী বাস্ফৰৰ পুত্ৰ ৰামা বাস্ফৰ (২৬) আৰু আপাচিৰ চালকজন ৰংপুৰীয়াৰ মইনা ফুকনৰ পুত্ৰ মনোজ ফুকন (৩৫) বুলি জানিব পৰা গৈছে। আনহাতে আপাচিৰ আৰোহী আল্টাফ আলীৰ পুত্ৰ লালচাম আলী (৩৫) গুৰুতৰভাৱে আহত হয়।

আনহাতে গ্লেমাৰখনত উঠি অহা গৌতম বাস্ফৰৰ ১০ বছৰীয়া পুত্ৰ কিশোৰ দুৰ্গা বাস্ফৰ গুৰুতৰভাৱে আহত হয়। মৃত ৰামা বাস্ফৰৰ তিনি বছৰীয়া কন্যা চিমৰান বাস্ফৰ দৈব্য ক্ৰমে কোনো আঘাট নোপোৱাকৈ ৰক্ষা পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।