07/01/2019 - 16:57
in
বৰপেটাঃ বিছনাত পৰি থকা ছোৱালীজনীৰ বয়স মাত্ৰ চাৰি বছৰ। নাম তাইৰ উম্মে ছালমা। বৰপেটা জিলাৰ হাউলিৰ পশ্চিমফালে অৱস্থিত নুনমাটি গাঁৱৰ বাসিন্দা কনমানিজনী। দেউতাকৰ নাম শ্বাহ আলম আৰু মাকৰ নাম মনোৱাৰা খাতুন। পখিলাৰ পিছে পিছে দৌৰাৰ বয়সত এই কণমানিজনী ব্লাড কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে।
আৰ্থিক দৈন্যৰ বাবে ছোৱালীজনীয়ে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব পৰা নাই। অৱশেষত কণমানিজনীৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে ৰাইজৰ পৰা সহায় বিচাৰিছে। মানুহৰ অলপ সহায়ে এই কনমানীজনীৰ লগতে পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব। কনমানিজনীৰ দেউতাকৰ বেংক একাউণ্ট-
Shah Alam SBI Ac no 36935536533
IFSC : SBIN0002013
Branch : Barpeta Road
Mobile no 8402088612 / 7002362416