হাৰিয়ানাত নাবালকক গুলীয়াই হত্যা

 07/01/2019 - 17:19

ডিজিটেল ডেস্ক: হাৰিয়ানাত চৌনিপতত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। দেওবাৰে নিশা কোনো দুৰ্বৃত্তই এগৰাকী নাবালকক গুলীয়াই হত্যা কৰে। এক বিশেষ তথ্য অনুসৰি জানিব পৰা গৈছে পলড়ি গাঁৱৰ এজন ব্যক্তিক হত্যা কৰিবলৈ আহিছিল এটি দুৰ্বৃত্তৰ দল৷

কিন্তু সেই ব্যক্তিজনক হত্যা কৰিব নোৱাৰাত সেইখন গাঁৱৰে ১২ বছৰীয়া আয়ুস নামৰ এগৰাকী নাবালকক মূৰত গুলীয়াই হত্যা কৰে। এই ঘটনাকলৈ বৰ্তমান এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে। বৰ্তমান আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও কোনোধৰণৰ শুংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।