বৰপেটাত 'ডিজিটেল ইণ্ডিয়া'ৰ চতুৰ্থ বৰ্ষপূৰ্ত্তি

 07/01/2019 - 17:32

বৰপেটা : 'ডিজিটেল ইণ্ডিয়া' তথা ই-গভৰ্নেন্স ব্যৱস্থাৰ সুফলসমূহ ৰাইজক প্ৰদান কৰাৰ লগতে নিজেও তাৰ দ্বাৰা উপকৃত হোৱাৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই তেওঁৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােডীৰদ্বাৰা হাতত লোৱা 'ডিজিটেল ইণ্ডিয়া' প্ৰচাৰ অভিযানৰ চতুৰ্থ বৰ্ষপূৰ্ত্তি উপলক্ষে অনুষ্ঠিত এখন সভাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি শৰ্মাই এইদৰে কয়। লগতে তেওঁ কয় যে জনসংখ্যা আৰু অৰ্থনৈতিক শক্তিৰে ভাৰত বিশ্বৰ অন্যতম বৃহৎ শক্তি হিচাপে পৰিগণিত হোৱাৰ দিশত আগবাঢ়িছে। এনে অৱস্থাত প্ৰযুক্তিৰ ন-ন কৌশলৰ প্ৰয়োগেৰে নিজৰ উৎকৰ্ষ সাধন কৰাৰ লগতে তাৰ সুবিধা আহৰণ কৰিবই লাগিব। কাৰণ আমি উভতি পিছুৱাই যাব নোৱাৰো।

সভাৰ আৰম্ভণিতে জিলা তথ্য-প্ৰযুক্তি বিষয়া সতীশ চন্দ্ৰ দেৱশৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰি বৰপেটা জিলাত 'ডিজিটেল ইণ্ডিয়া' তথা ই-গভৰ্নেন্সৰ অগ্ৰগতিৰ এখন খতিয়ান দাঙি ধৰে। তেওঁ জনোৱা মতে ইতিমধ্যে জিলাখনত ১০টাৰো অধিক সেৱাত অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। পৰ্যায়ক্ৰমে বাকী থকা সেৱাসমূহতো এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব।

আলোচনাত জিলা উন্নয়ন আয়ুক্ত ডঃ বাবুল চহৰীয়া আৰু ৰাজহ পৰামৰ্শদাতা সৌৰভজ্যোতি চৌধুৰীয়েও বক্তব্য দাঙি ধৰে। সভাত অতিৰিক্ত উপায়ুক্তদ্বয় পুলক পাটগিৰী আৰু দুলাল দেৱনাথৰ উপৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।