ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডত নালাগে ট্ৰানজেক্সন চাৰ্জ, স্পষ্টীকৰনৰ দিলে পেটিএময়ে

 07/01/2019 - 17:43

ডিজিটেল ডেস্ক: ডিজিটেল ৱালেট পেটিএম ব্যৱহাৰ কৰা লোকসকলৰ বাবে সুখবৰ। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড ব্যৱহাৰ কৰা লোকসকলে কোনোধৰণৰ ট্ৰানজেক্সন ফিজৰ বোজা বহন কৰিব নালাগে বুলি স্পষ্টীকৰন দিলে পেটিএময়ে। কিছুদিন ধৰি মিডিয়াত বিয়পি থকা এটা খবৰে ডিজিটেল ৱালেট ব্যৱহাৰ কৰা লোকসকলক চিন্তাত পেলাইছিল যদিও বৰ্তমাণ পেটিএময়ে দিয়া স্পষ্টীকৰণৰ পাছত সকলো লোক চিন্তামুক্ত হ'ব পাৰিছে।

কিছুদিনৰ আগত ১ জুলাইৰ পৰা Merchant Discount Rateৰ বোজা জনসাধাৰনে বহন কৰিব লাগিব বুলি এক খবৰ বিয়পি পৰিছিল। কিন্তু পেটিএময়ে এই সন্দৰ্ভত কোনোধৰণৰ চিন্তা-চৰ্চা কৰা নাই বুলি প্ৰকাশ কৰিছে। পেটি এময়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে গ্ৰাহকসকলে কোনোধৰণৰ মাচুল নিদিয়াকৈ সা-সুবিধা সমুহ উপভোগ কৰিব পাৰিব। পেটিএম এপচ বা পেটিএম গেটৱে ব্যৱহাৰ কৰিলেও কোনোধৰণৰ চাৰ্জ লোৱা নহয়। ভবিষ্যতলৈয়ো পেটিএময়ে তেনে কোনোধৰণৰ চাৰ্জ লোৱা বা চাৰ্জ বঢ়োৱাৰ কথা চিন্তা কৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।