ডুমডুমাৰ গুটিবাৰী পঞ্চায়তৰ নগ্ন স্বৰূপ

 07/01/2019 - 18:38

কাকপথাৰঃ  ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিৰ গুটিবাৰী-ডিৰাক সংযোগী পথৰ পঞ্চায়ত কাৰ্যালয়ৰ কাষতে থকা কালভাৰ্টটোত বৃহৎ গাঁত সৃষ্টি হােৱাৰ ফলত অঞ্চলটােৰ লােকসকলৰ যাতায়ত ব্যৱস্থাত অসুবিধাৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে কেইবা বছৰৰ আগতে নিৰ্মাণ কৰা কালভাৰ্টটো মাজতে বহি যোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত৷ বৰ্তমান পথটোৱেদি চাৰিচকীয়া বাহন দূৰৰে কথা দুচকীয়া বাহনো অহা যোৱাত বাধা আহি পৰিছে৷ এজাক বৰষুণ আহিলেই সম্পূৰ্ণৰূপে বোকাময় হৈ পৰা উক্ত পথটোৰে অঞ্চলবাসীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও অহা-যােৱাত যথেষ্ট অসুবিধাত পৰিছ।

বিভিন্ন সময়ত এই কালভাৰ্টটোত সৰু বৰ দুৰ্ঘটনা ঘটিয়েই থাকে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ স্থানীয় বিধায়ক, পঞ্চায়ত প্ৰতিনিধিক স্থানীয় ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সু-ফল লাভ নকৰাত উপায়ন্তৰ হৈ আজি স্থানীয় যুৱকসকলে শ্ৰম দানেৰে কালভাৰ্টটো মাটিৰে মেৰামতি কৰিবলৈ বাধ্য হয়৷ প্ৰখৰ ৰদকো নেওচি যুৱকসকলে বৰ্তমান সময়ত অহা-যোৱা কৰিব পৰাকৈ মেৰামতি কৰিছে যদিও অতি শীঘ্ৰে স্থায়ী সমাধান বিচাৰি চৰকাৰক দাবী জনায়৷ চৰকাৰৰ গড়কাপ্তানী বিভাগে গাঁৱে-ভূঞেঁঁ, ভিতৰে ভিতৰে ৰাস্তা-ঘাট, দলং সম্পুৰ্ণ পকী হৈ উঠিছে বুলি সভাই সমিতিয়ে দম্ভালি মাৰি থকাৰ সময়তে এনেদৰে যুৱকসকলে শ্ৰমদানেৰে কালভাৰ্ট মেৰামতি কৰা বাতৰিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ৰাইজে ক’বলৈ বাধ্য হৈ পৰিছে যে তিনিটা সমষ্টি যেনে- ডুমডুমা, শদিয়া, মাৰ্ঘেৰিটাৰ সীমামূৰীয়া অঞ্চল হোৱা হেতুকে তেওঁলোকক মাহী আইৰ চকুৰে চাই বুলি তেওঁলোকৰ সমস্যাসমূূূূহক গুৰুত্ব প্ৰদান নকৰে৷

পঞ্চায়ত কাৰ্যালয়ৰ নিচেই কাষতে থকা প্ৰতি দিনেই পঞ্চায়তৰ বিষয়া, প্ৰতিনিধিসকলে দেখি থকা ৰাইজৰ এই বৃহৎ সমস্যাটো কি কাৰণত তেওঁলোকে আওকাণ কৰি আহিছে সেইয়া ৰহস্যৰ বিষয়৷ ভূক্তভোগী ৰাইজে স্থানীয় বিধায়ক দূৰ্গা ভূমিজক সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ সমস্যাসমূহ দৃষ্টিগোচৰ কৰাই অতি শীঘ্ৰে সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰােধ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।