কুৰুৱাৰ বুঢ়া গোঁসাইৰ থানক পহৰা দিছে অজগৰে!

 07/01/2019 - 19:35

গুৱাহাটীঃ দৰঙৰ কুৰুৱাৰ বুঢ়া গোঁসাইৰ থানত ঘটা আজৱ ঘটনাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে।বুঢ়া গোঁসাইৰ থানত ভাগে ভাগে পূজা অৰ্চনা ,দূৰ দূৰণিৰ  ভক্তৰ লানি নিছিগা শাৰী । অখণ্ড নাম কীৰ্তন ভক্তি আৰধনাৰে আধ্যাত্মিকতাৰে গদগদ হৈ পৰিল চিপাঝাৰ সমীপৱৰ্তী কুৰুৱাত। কাৰণ থানত যেনিয়ে তেনিয়ে মেৰাই আছে সাপ। মন্দিৰৰ প্ৰৱেশ পথকে ধৰি মন্দিৰৰ মণ্ডপ তথা অজগৰে পহৰা দিছে থানৰ চৌহদ।

আজৱ ঘটনাকলৈ বনজুই বিয়পাদি বিয়পিছে বুঢ়া গোঁসাইৰ থানৰ খবৰ। দুডাল অজগৰ সাপ হঠাৎ মন্দিৰৰ যেনিয়ে তেনিয়ে দেখি উবুৰি খাই পৰিল ভক্তপ্ৰাণ ৰাইজ। ৰজাদিনীয়া বুঢ়া গোঁসাইৰ থানৰ মহিমা হেনো অপাৰ। প্ৰকৃতিৰ নান্দনিক পৰিৱেশত তথা বৰলুইতৰ পাৰৰ ওপৰ কুৰুৱাত অৱস্থিত বাথৌ মন্দিৰ এতিয়া লোকে লোকাৰণ্য। মহাপ্ৰভূৰ পদাপৰ্ণ ঘটাৰ সন্দেহ স্থানীয় ৰাইজৰ৷ সেয়ে প্ৰভূক আৰধনা কৰিছে নৈবেদ্য উপচাৰেৰে। মন্দিৰত থকা অজগৰৰ দুডাল পূৰ্ণবয়স্ক আৰু আন চাৰিডাল ওপজা সৰু। মহাদেৱৰ আবিৰ্ভাৱ ঘটা বুলি এতিয়া বৃহত্তৰ অঞ্চলৰ লোকে নৈবেদ্য লৈ ধাপলি মেলিলে থানলৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।