অবৈধ সুৰাৰ ঘাটি উচ্ছেদ তামুলপুৰ আৰক্ষীৰ

 03/19/2019 - 13:57

তামুলপুৰঃ তামুলপুৰ আৰক্ষীয়ে ৰাইজৰ পৰা বুটলিছে প্ৰশংসা। ইয়াৰ কাৰণটো হ’ল বাক্সা জিলা তামুলপুৰ মহকুমা সদৰত বিগত কেইবামাহ ধৰি চলি থকা অবৈধ সুৰাৰ ৰমৰমীয়া বেহাক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে তামুলপুৰ আৰক্ষী বাহিনী। এই অবৈধ সুৰাৰ উপৰিও ভাং আৰু নিচাসক্ত দ্ৰৱ্যৰ ব্যৱহাৰো বাঢ়ি যোৱাত স্থানীয় লোক যথেষ্ট চিন্তিত হৈ পৰিছিল।

তামুলপুৰৰ একাংশ চাহৰ দোকান, ভাতৰ হোটেল, পান দোকান আনকি গৃহস্থৰ ঘৰতো সহজলভ্য হৈ পৰিছিল অবৈধ সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ প্ৰচলন৷ ইপিনে সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ বাবে কিছুমান বিক্ষিপ্ত ঘটনাও সময়ে সময়ে সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াভাৱে এই ক্ষেত্ৰত বাক্সা জিলা আৰক্ষী প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে আৰক্ষীৰ দলে বিভিন্ন ঠাইত চলালে গোপন অভিযান।

দেওবাৰে তামুলপুৰ থানাৰ এছ আই মনোজ কুমাৰ দাস, নৃপেন গগৈ, আৰু এ এছ আই কামেশ্বৰ বড়োৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে তামুলপুৰ মহকুমা সদৰৰ দলংপাৰত এক অভিযান চলায়৷ অভিযান কালত আৰক্ষীৰ দলে দলংপাৰ গাঁওৰ পংকজ কলিকতাৰ ঘৰৰপৰা দেশী- বিদেশী সুৰা কাৰ্টন জব্দ কৰাৰ লগতে বৃহত পৰিমাণৰ ডিজেল, পেট্ৰ'ল জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষী বিষয়া কেইগৰাকী কয় যে অভিযানৰ সময়ত প্ৰায় কেইবালক্ষাধিক টকা মূল্যৰ অবৈধ সুৰাৰ বটলৰ কাৰ্টন জব্দ কৰি তামুলপুৰ থানালৈ আনে৷ জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় তিনি লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰই জনাইছে৷

তামুলপুৰৰ কাউলীতো অবৈধ সুৰাৰ ঘটি উচ্ছেদ কৰা হৈছে। ইপিনে তামুলপুৰ মহকুমাৰ বৃহত্তৰ কাউলী অঞ্চলত পূৰ্বৰে পৰা একাংশ অসাধু ব্যক্তিয়ে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে। বৃহত্তৰ তামুলপুৰত এই অবৈধ সুৰাৰ ঘাটি প্ৰশাসনে উচ্ছেদ কৰি অহাৰ সময়তে অঞ্চলটোৰ চন্দনপুৰ, পাহাৰপুৰ, বাঘমাৰা, আদি ঠাইত আৰক্ষীৰ এটা সজাতি দল সহ চি আৰ পি এফ বাহিনী, আৰু আৰ পি এফ বাহিনীয়ে এক যৌথ অভিযান চলাই মণিকান্ত দাস আৰু বেজেন মণ্ডল নামৰ দুই লোকৰ বিপনিৰপৰা বৃহৎ পৰিমাণৰ দেশী-বিদেশী সুৰা জব্দ কৰে। অতি সোনকালে সমাজত এই বিষবাষ্প বিয়পোৱা সকলোকে আটক কৰি এক সুস্থিৰ পৰিৱেশৰ জন্ম দিব বুলি ৰাইজে তামুলপুৰ আৰক্ষীৰ প্ৰতি আস্থা ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।