উত্তৰ গুৱাহাটীঃ ৰাজ্যৰ অগ্নি নিৰ্বাপন বাহিনী কিমান সক্ৰিয় তাৰ স্বৰূপ ধৰা পৰিল যোৱা নিশা সংঘটিত এক অগ্নিকাণ্ডত। সততে দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ বিৰুদ্ধে উৎথাপিত অভিযোগ পুনৰ উঠিল উত্তৰ গুৱাহাটী মধ্যম খণ্ডত জ্যোতি খাদ্য ভাণ্ডাৰ নামৰ দোকান খন জুইত ভষ্মীভূত হোৱাৰ পাছত। জিতেন দাস নামৰ যুবকজনৰ ঘৰৰ লগত সংযুক্ত দোকানত ৰহস্যজনকভাবে অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডৰ সমান্তৰালভাবে হিলৈসদৃশ শব্দ হোৱাত গৰাকী জীতেন দাস বিছনাৰ পৰা উঠি দোকানত জুই প্ৰত্যক্ষ কৰি অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি উত্তৰ গুৱাহাটী অগ্নিনিৰ্বাপণ বাহিনীক ফোন কৰে। পিছে টোপনিত লালকাল দিয়া অগ্নি নিৰ্বাপন বাহিনীৰ লোকে ফোন নুঠোৱাত দোকানৰ গৰাকী বাইকেৰে কেন্দ্ৰত উপস্থিত হৈ টোপনিৰ পৰা জগায়। ইফালে অগ্নি নিৰ্বাপণৰ পূৰ্বেই দোকানৰ কেইবালাখ টকাৰ সামগ্ৰী জুইত জাহ যায়।
অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰ্কিট বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিবৰ্তনৰ কথা কৈ ফুৰা বাদ দি বিভাগটি সক্ৰিয় কৰাৰ কথা চিন্তা কৰিবনে বুলি ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে।