ৰঙাপৰাঃ উজনি অসমত বিষাক্ত সুৰা সেৱন কৰি শতাধিক লোকৰ মৃত্যু হোৱাৰ পাছত আবকাৰী বিভাগটোৰ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীসকলে বিশেষ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। ৰঙাপৰা নগৰখনৰ মাজমজিয়াত গঢ় লৈ উঠা একাংশ দোকানত অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ দোকানসমূহ উচ্ছেদ কৰিছিল শোণিতপুৰ জিলাৰ প্ৰশাসন আৰু চৰকাৰৰ বিয়াগোম আবকাৰী বিভাগটোৱে। কিন্ত অতি পৰিতাপৰ বিষয় যে এই অভিযান চলাৰ কিছু দিনৰ পাছতেই পুনৰ ৰমৰমীয়াকৈ চলি আহিছে চুলাই আৰু অবৈধ মদৰ ব্যৱসায়।
ৰঙাপৰা আবকাৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ গোপন বুজা-বুজিৰ ফলতে নগৰখনত আজিও অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ পথত, ৰঙাপৰা দৈনিক বজাৰ আদিকে ধৰি একাংশ গাঁও, চাহ বাগিচাৰ অঞ্চলত অবৈধ চুলাই মদৰ প্ৰচলন দ্ৰুত গতিত বৃদ্ধি পোৱাত সামাজিক আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। তদুপৰি ৰঙাপৰাত বিগত কিছু দিন ধৰি সুৰাৰ ৰাগীত মাতাল হৈ একাংশই সঘনাই দুৰ্ঘটনা সংঘটিত কৰা পৰিলক্ষিত হৈছে।
অঞ্চলটোত আবকাৰী বিভাগৰ মৌনতা আৰু কুম্ভকৰ্ণ নিদ্রাত থকাৰ বাবে অবৈধভাবে দেশী আৰু বিলাতী সুৰাৰ অবাধ প্ৰচলনে অঞ্চলটোত শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ বিনষ্ট কৰিছে তথা সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকা বুলি সচেতন ৰাইজে অভিযোগ কৰিছে। অভিযোগ অনুসৰি ৰঙাপৰা আবকাৰী বিভাগৰ ছত্ৰছায়াতে নগৰখনকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত অবৈধ চুলাই আৰু বিলাতী সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছে।
ৰঙাপৰাত বিয়াগোম আবকাৰী বিভাগ থকাৰ পিছতো নিশা সুৰাপায়ীৰ তান্দবে বহু সময়ত ৰাইজৰ মাজত আতংকময় পৰিবেশ সৃষ্টি কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এটি বেচৰকাৰী বিদ্যালয় চৌহদৰ সমীপত ভাড়া গৃহত অৱস্থিত আবকাৰী কাৰ্যালয়টিত প্ৰায় বিভাগটিৰ উচ্চ পদস্থ বিষয়া অনুপস্থিত থাকে বুলি ৰাইজে অভিযোগ কৰিছে।
অঞ্চলটোত সুৰা নিবাৰনৰ ক্ষেত্ৰত আৰক্ষীয়ে কিছু পদক্ষেপ লোৱা দেখা গৈছে যদিও আবকাৰী বিভাগৰ নিৰ্লিপতাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। ৰঙাপৰা অঞ্চলৰ চুকে-কোনে চলি থকা অবৈধ সুৰাৰ দোকান আৰু চুলাই মদৰ ভাটিবোৰ সম্পূৰ্ণ ভাৱে উচ্ছেদ কৰি সুস্থ শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক পৰিবেশ গঢ়ি তুলিবলৈ সচেতন ৰাইজে জিলা প্ৰশাসনক আৰু আবকাৰী বিভাগৰ শীৰ্ষ বিষয়ববীয়া সকলক দাবী জনাইছে।
অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাৰ ৰঙাপৰা উপশাখাৰ সভাপতি চাকিৰাম তাতীয়ে আবকাৰী বিভাগৰ নিৰ্লিপতাত তীব্ৰ ভাষাৰে সমালোচনা কৰে ও আবকাৰী বিভাগক সজাগ হবলৈ আহ্বান জনায়। আটছাৰ ৰঙাপৰা উপ শাখাৰ সহকাৰী সম্পাদক শিবা কৰ্মকাৰে বিদ্যালয়ৰ সমীপত থকা আবকাৰী কাৰ্যালয়ক লৈ সমালোচনা কৰে আৰু বিভাগটোৰ নিৰ্লিপতাত ক্ষোভ প্ৰকাশ কৰে।