07/01/2019 - 20:56
in
বিজনীঃ চিৰাং জিলাৰ বিজনীৰ ভাৰত ভূটান সীমান্তৰ পাণবাৰীত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত সেনা-আৰক্ষীৰ এক যুটিয়া অভিযানত পাণবাৰীৰ বুৰিখামাৰত অস্ত্ৰসহ দুই দুৰ্ধৰ্ষ এনডিএফবি(এছ) মহিলা কেডাৰ গ্ৰেপ্তাৰ কৰে। কেডাৰ দুগৰাকী ৰতিমা বৰগয়াৰী(৩০)আৰু জুলি বসুমতাৰী(২৫)বুলি জানিব পৰা গৈছে।
৪০ বেটছৰ কেডাৰ ৰতিমা এনডিএফবি(এছ)ৰ ৱমেন ওৱেলফেয়াৰৰ যুটীয়া সম্পাদিকা। কেডাৰ দুগৰাকীৰ পৰা পইণ্ট ২২ পিষ্টল দুটা আৰু তিনিজাই সজীৱ গুলী জব্দ কৰে। ৰতিমাৰ ঘৰ চিৰাঙৰ বেছৰবাৰীত। জুলিৰ ঘৰ শোণিতপুৰৰ কৰ্দৈগুৰীত। উভয়কে আৰক্ষীয়ে বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে ৩ দিনৰ বাবে পাণবাৰীৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।