বেবেজীয়াঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ জনকল্যাণ শাখা সমিতি আৰু সেৱা বাহিনীৰ উদ্যোগত আৰু নগাঁও জিলা বন বিভাগৰ সহযোগত আজি বেবেজীয়াৰ নিকটৱৰ্তী খালৈগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে বন মহোৎসৱ উদযাপন কৰা হয়। তদুপলক্ষে খালৈগাঁওস্থিত শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত তথা বুঢ়া শ্ৰী শ্ৰী ৰাম আতা আঞ্চলিক শাখাৰ কাৰ্যালয় ভূমিৰ চাৰিওকাষে বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ পুলি ৰোপন কৰা হয়।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভাষণত কয় যে "প্ৰকৃতি আৰু মানুহ অভিন্ন। পৃথিৱীখন জীয়াই থাকিবলৈ হ'লে গছ ৰুব লাগিব। গছ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে৷
" শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই আঁত ধৰা সভাখনিত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ভাষণত কয় যে, সন্তান জন্ম দিলেই নহ'ব তাক মানুহৰূপে গঢ়ি তুলিব লাগিব। ঠিক সেইদৰে গছপুলি ৰুলেই নহ'ব তাক প্ৰতিপালন কৰিব লাগিব। সভাত বিশিষ্ট অতিথিৰূপে নগাঁও জিলা বন সংমণ্ডলৰ বিষয়া ৰাজেন চৌধুৰীয়ে অংশগ্ৰহণ কৰি কয় যে "সুস্থ পৰিৱেশৰ বাবে সেউজীয়া পৰিৱেশৰ প্ৰয়োজন। শিশু সকলক শিশু অৱস্থাৰ পৰাই গছপুলি ৰোপন কৰাৰ পৰিৱেশ গঢ় দিব লাগে। তেওঁ আৰু কয় যে, এজোপা বৃক্ষ দশ কন্যা সমান।
সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য নলিনী বৰা, হৰিদাস ৰাজকুমাৰ, কাকমাৰী পঞ্চায়তৰ সভাপতি লক্ষ্যজ্যোতি হাজৰিকা, হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভৰালী, সাংবাদিক দেৱজিত হাজৰিকা, বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামী, বন বিষয়া ক্ৰমে প্ৰভাত বৰুৱা, প্ৰভাত বৰা, সম্পূৰ্ণা দাস বৰা, সমাজকৰ্মী গুণেন্দ্ৰ নাথ প্ৰমুখ্যে শংকৰদেৱ সংঘৰ সহস্ৰাধিক বাপ-বান্ধৱ, ভক্ত বৈষ্ণৱ উপস্থিত থাকে।