বাক্সাঃ বাক্সাৰ জাৰতালুকত আজি উপস্থিত হ'ল ৰাজ্য চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত৷ জাৰতালুকৰ বানপীড়িত ৰাইজৰ খবৰ ললে মন্ত্ৰীগৰাকীয়ে৷ শীঘ্ৰে বানপানী প্ৰতিৰোধৰ কৰাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুনৰ ফলত ভূটান সীমান্তৰ পৰা বৈ অহা পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে জাৰতালুক গাঁওখন সম্পূৰ্ণৰূপে বুৰাই পেলাইছিল৷
গাঁওখনৰ দুই শতাধিক পৰিয়ালৰ ঘৰবাৰী, খেতিপথাৰ, বাটপথ বুৰাই পেলোৱাত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল৷ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে ওখ ঠাই শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে৷ যাৰবাবে গাঁওখনত খাদ্যৰ লগতে বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থাৰো অভাৱ হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷
এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত আজি মন্ত্ৰীগৰাকী গাঁওখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে পাগলাদিয়া নদীৰ বানপীড়িত অঞ্চল পৰিদৰ্শণ কৰাৰ লগতে ৰাইজৰ লগতো মত বিনিময় কৰে৷ মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে বান প্ৰতিৰোধৰ বাবে এক স্থায়া ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে৷