কামপুৰঃ হিমন্তৰ স্বাস্থ্য বিভাগত অৰাজকতা। এটি শিশু মৃত্যুক কেন্দ্ৰ কৰি ৰহা সমষ্টিৰ কচুৱা লুটুমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আঢ়ৈ বছৰীয়া শিশুটিৰ নাম প্ৰিয়ম দাস। ডাক্তৰৰ পৰিৱৰ্তে চিকিৎসা চলাইছিল ফাৰ্মাচিষ্টে। স্বাস্থ্য কেন্দ্ৰটোত নাই চিকিৎসক। গ্ৰামাঞ্চলত এতিয়া ফাৰ্মাচিষ্টেই এমবিবিএছ৷ উত্তেজিত ৰাইজে চিকিৎসকৰ চকীত বহি থকা অৱস্থাতে আৱদ্ধ কৰি ৰাখে চিকিৎসালয়ৰ সকলো কৰ্মচাৰীক।
জানিব পৰা মতে জ্বৰ হোৱাৰ বাবেই চিকিৎসাৰ অভাবত মৃত্যুক সাৱতি ল’লে আঢ়ৈ বছৰীয়া কণমানি শিশুটিয়ে৷ নগাঁৱৰ লংজাপ গাঁৱৰ আঢ়ৈ বছৰীয়া প্ৰিয়ম দাসক জ্বৰ হোৱাৰ বাবে বৃহস্পতিবাৰে মাতৃয়ে লুটুমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ চিকিৎসাৰ বাবে আনে৷ কিন্তু স্থানীয় চিকিৎসালয়খনত চিকিৎসকৰ বিপৰীতে ফাৰ্মাচিষ্টে চিকিৎসা কৰি পঠায়৷ পাছত শিশুটিৰ জ্বৰ বেছি হোৱাত অভিভাৱকে নগাঁৱলৈ নিয়ে যদিও শিশুটিৰ মৃত্যু হয়৷
ফাৰ্মাচিষ্টে ভুল চিকিৎসা কৰাৰ বাবেই শিশুটিৰ মৃত্যুৰ অভিযোগ তুলি স্থানীয় একাংশ লোকে চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি চিকিৎসালয়ৰ কৰ্মচাৰীসকলক ৰ'দত আবদ্ধ কৰি ৰাখে৷ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই নিৰ্মাণ কৰা এই চিকিৎসালয়খনত আজি পৰ্যন্ত নাই এজনো চিকিৎসক৷ যাৰ বাবে ফাৰ্মাচিষ্টেই এতিয়া গ্ৰামাঞ্চলত এমবিবিএছ ডাক্তৰ৷
চিকিৎসালয়খনত চিকিৎসক নথকাৰ সৰ্ম্পত সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল যদিও গা লৰা নাছিল। যাৰ পৰিণতিত হিমন্ত-পিযুষৰ স্বাস্ব্য বিভাগে এটি নিস্পাপ শিশুৰ প্ৰাণ লোৱাৰ অভিযোগ উঠিছে। এতিয়া প্ৰশ্ন হৈছে স্বাস্ব্য মন্ত্ৰীৰ চহৰকেন্দ্ৰিক ছাডেন ভিজিতে কিমান উপকৃত কৰিব স্বাস্থ্য বিভাগক?