কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিৰ প্ৰতিবাদত এবছুৰ ধৰ্ণা

 07/01/2019 - 21:16

কোকৰাঝাৰঃ ঐতিহাসিক বড়ো চুক্তি অনুসৰি কোকৰাঝাৰৰ বালাগাঁৱত স্থাপিত হোৱা কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি এবছুৰ উদ্যোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰখৰ ৰ'দকো নেওচি এবছুৰ কৰ্মী সমৰ্থকে আজি পুৱা ১০ বজাৰ পৰা ১২ বজালৈ চিআইটিৰ মূল প্ৰৱেশদ্বাৰত অৱস্থান কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

মূলতঃ নাম ভৰ্তিকৰণত ছাত্ৰ-ছাত্ৰীৰ মাচুল বৃদ্ধি, সংৰক্ষণ নীতি মানি চলা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত এবছুৱে আজিৰ ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে। ধৰ্মঘটৰ অন্তত এবছুৰ মুখপাত্ৰ জয়ন্ত বসুমতাৰীয়ে সংবাদমাধ্যমৰ আগত চিআইটি সঞ্চালকৰ আওকণীয়া মনোভাৱক সমালোচনা কৰি ডিপ্লোমা কৰ্চতে ১২ হাজাৰ টকাৰ পৰা একেকোবে ৪০ হাজাৰ টকালৈ মাচুল বৃদ্ধি কৰাৰ অভিযোগ কৰে।

বিটিচি চুক্তি অনুসৰি স্থাপিত হোৱা চিআইটৰ সংৰক্ষণ নীতি নমনাৰ অভিযোগ তুলি জয়ন্ত বসুমতাৰীয়ে কয় যে সংৰক্ষণ নীতি নমনাৰ বাবে আৰু অত্যাধিক হাৰত মাচুল বৃদ্ধিৰ পৰিণতিতে বিটিএডি এলেকাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈছে বুলি অভিযোগ কৰে। অহা ৪ জুলাইৰ পূৰ্বে চিআইটিৰ খেলিমেলিসমূহ আঁতৰ কৰিবলৈ এবছুৱে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।