ডবকাঃ হোজাই জিলাৰ বিন্নাকান্দি আঞ্চলিক পঞ্চায়ত কাৰ্যালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ সভাপতি ফৰিজ আহমেদ লস্কৰক স্থানীয় অগপ নেতা ৰেজাউল কৰিম চৌধুৰী আৰু তেওঁৰ সাংগো-পাংগসহ এটি দলে অপদস্থ কৰাৰ অভিযোগ স্বয়ং বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকীয়ে উত্থাপন কৰিছে৷
উত্থাপিত অভিযোগ অনুসৰি আজি দিনৰ দুই বজাত বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ কক্ষত নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক লৈ এখন সভা চলি থকাৰ সময়ত হোজাই জিলা অগপৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীয়ে এটি দল লৈ তেওঁৰ কাৰ্যালয়ত অনধিকাৰ প্ৰৱেশ কৰি তেওঁক নিজৰ কক্ষৰ পৰা ওলিয়াই দিয়ে৷ কেৱল সেয়াই নহয়, আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকীৰ টেবুলত থকা বহু গুৰুত্বপূৰ্ণ নথিও লৈ যোৱাৰ অভিযোগ কৰিছে৷
এই ঘটনাৰ পিছত বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰাকীয়ে ৰেজাউল কৰিম চৌধুৰীক অভিযুক্ত কৰি ডবকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ ইপিনে অগপৰ যমুনামুখ সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক মইন উদ্দিন চৌধুৰীয়ে সমগ্ৰ ঘটনা মিছা বুলি কয়৷
বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিডিঅ' আৰু কনিষ্ঠ অভিযন্তাক সুধিলেই ঘটনাৰ সত্য-মিথ্যা ওলাই পৰিব বুলিও অগপ নেতাগৰাকীয়ে কয়৷ অগপৰ সমষ্টি কমিটীয়ে বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ সভাপতিক দুৰ্ব্যৱহাৰৰ ঘটনাক অস্বীকাৰ কৰে৷